ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাধা আঁতৰিল, ডাঙৰ সঁহাৰি কেন্দ্ৰৰ

জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনটোত ডাঙৰ বাৰ্তা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিছে অনুমতি।

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাধা আঁতৰিল, ডাঙৰ সঁহাৰি কেন্দ্ৰৰ
Updated On: 

18 Nov 2025 | 03:00 PM

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাধা আঁতৰিল। জুবিন দাৰ ৫৩ সংখ্যক জন্মদিনত এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিছে অনুমতি।

মুখ্যমন্ত্ৰী শৰ্মাই এক্স হেণ্ডেলত দিয়া এটা পোষ্টত কয়, “আজি আমাৰ মৰমৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন। তেওঁৰ সংগীত, তেওঁৰ কণ্ঠ আৰু অসমৰ হৃদয়ত তেওঁৰ অপুৰণীয় স্থানৰ কথা সোঁৱৰাই দিয়া দিন। আজিৰ দিনটোতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০৮ ধাৰাত প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে।”

লগতে তেওঁ কয় যে, বিএনএছএছৰ ২০৮ নং ধাৰাত কোৱা হৈছে যে, যদি কোনো অপৰাধ ভাৰতৰ বাহিৰত সংঘটিত হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ অনুমোদন দিয়াৰ পিছতহে আদালতে গোচৰটো ল’ব পাৰে। এই অনুমোদন গুৰুত্বপূৰ্ণ, কিয়নো ই চাৰ্জশ্বীট দাখিল আৰু গোচৰৰ বিচাৰৰ বাবে দৃঢ়ভাৱে আৰু আইনগতভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব।

লগতে ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰত অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হোৱা বুলিও কৈছে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত যোৱা ১৯ ছেপ্টেম্বৰত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ইয়াৰ পাছতে তেওঁৰ মৃত্যুক লৈ সন্দেহ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। এই সমগ্ৰ ঘটনাটো তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। ইফালে, এই গোচৰত গ্ৰেপ্তাৰ হোৱা ৭ অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে।

১০০ বছৰৰ পাছত মাঘ বিহুত বিৰল সংযোগ, জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য!
লিভাৰৰ সংক্ৰমণৰ প্ৰধান ৪টা লক্ষণ কি কি? জানক..
মগু দাইল খোৱাৰ পূৰ্বে সাৱধান, এই ৫ সমস্যা থকা লোকৰ বাবে হ’ব পাৰে বিপদ!
গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি