ৰাজ্য চৰকাৰৰ শিল্পী বঁটা ২০২৬ ঘোষণা, প্ৰয়াত সমৰ হাজৰিকাৰ লগতে ধনদা পাঠকলৈ এই বৰ্ষৰ শিল্পী বঁটা

এক সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শিল্পী বঁটাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সন্মানীয় বঁটাৰ বিষয়ে ঘোষণা কৰে। ৰাজ্যখনৰ সাংস্কৃতিক আৰু সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই সন্মানীয় বঁটাসমূহ আগবঢ়োৱা হৈছে।

ৰাজ্য চৰকাৰৰ শিল্পী বঁটা ২০২৬ ঘোষণা, প্ৰয়াত সমৰ হাজৰিকাৰ লগতে ধনদা পাঠকলৈ এই বৰ্ষৰ শিল্পী বঁটা

ৰাজ্য চৰকাৰৰ শিল্পী বঁটা ২০২৬ ঘোষণা

Updated On: 

16 Jan 2026 | 10:23 PM

শিল্পী দিৱসৰ প্ৰাকক্ষণত আজি অসম চৰকাৰে ঘোষণা কৰে শিল্পী বঁটা ২০২৬। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত এক সংবাদমেল সম্বোধন কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শিল্পী বঁটাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন সন্মানীয় বঁটাৰ বিষয়ে ঘোষণা কৰে। ৰাজ্যখনৰ সাংস্কৃতিক আৰু সাহিত্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই সন্মানীয় বঁটাসমূহ আগবঢ়োৱা হৈছে।

কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ সন্মানীয় বঁটা

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি, সদ্য প্ৰয়াত ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ এই বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে। এই বঁটাৰ সৈতে নগদ ২ লাখ টকা প্ৰদান কৰা হ’ব। বিশিষ্ট সাহিত্যিক মনেশ্বৰ বৰাক সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

ড° অমলেন্দু চক্ৰৱৰ্তীক গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটাৰ বাবে আৰু বিশিষ্ট নাট্যশিল্পী কৰুণা ডেকাক নটসূৰ্য ফণী শৰ্মা বঁটাৰ মনোনীত কৰা হৈছে। ইফালে ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰ বাবে নিৰ্বাচিত হৈছে অৰূপ মান্না। বিশিষ্ট সাংস্কৃতিক কৰ্মী অৱনী ৰঞ্জন পাঠকক প্ৰদান কৰা হ’ব এই বৰ্ষৰ বিজু ফুকন বঁটা।

শিল্পী কল্যাণ আঁচনি

চৰকাৰে বঁটাৰ লগতে শিল্পীসকলৰ কল্যাণৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ১৭৬ গৰাকী শিল্পীক বছৰি ৮ হাজাৰ টকাকৈ বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰা হ’ব। এই সন্মানৰ বাবে নিৰ্বাচিত শিল্পীৰ ভিতৰত ৩ গৰাকী বিশেষভাৱে সক্ষম শিল্পী থাকিব।

একেদৰে ৮৬ গৰাকী জ্যেষ্ঠ শিল্পীলৈ শিল্পী পেঞ্চন আগবঢ়োৱা হ’ব (৩ গৰাকী বিশেষভাৱে সক্ষম)। লগতে ২৬ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ফেমিলি পেঞ্চন দিয়া হ’ব। ইফালে ৫ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰেনে? এই নিয়মবোৰ জানিলেই পূৰাব পাৰে জিভাৰ সোৱাদ!
কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি