মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ মেজিষ্ট্ৰেট কলনিৰ আৱাসৰ চাদৰ পৰা জাপ দিলে অতিৰিক্ত উপায়ুক্তই

প্ৰকাশিত খবৰ অনুসৰি মেজিষ্ট্ৰেট কলনিৰ ৪ নম্বৰ আৱাসৰ চাদৰ ওপৰৰ পৰা জপিওৱাৰ চেষ্টা চলাইছিল অতিৰিক্ত উপায়ুক্তগৰাকীয়ে। অৱশ্যে আত্মহননৰ এই চেষ্টাত কথমপি প্ৰাণৰক্ষা পৰে ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰৰ। কিন্তু চাদৰ পৰা তললৈ জাপ দিয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।

মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ মেজিষ্ট্ৰেট কলনিৰ আৱাসৰ চাদৰ পৰা জাপ দিলে অতিৰিক্ত উপায়ুক্তই

গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা

Published: 

10 Jul 2025 23:38 PM

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীত এগৰাকী অতিৰিক্ত উপায়ুক্তৰ আত্মহনন চেষ্টাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিষয়াগৰাকীক ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰ বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটী ক্লাৱৰ মেজিষ্ট্ৰেট কলনিত বাস কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।

প্ৰকাশিত খবৰ অনুসৰি মেজিষ্ট্ৰেট কলনিৰ ৪ নম্বৰ আৱাসৰ চাদৰ ওপৰৰ পৰা জপিওৱাৰ চেষ্টা চলাইছিল অতিৰিক্ত উপায়ুক্তগৰাকীয়ে। অৱশ্যে আত্মহননৰ এই চেষ্টাত কথমপি প্ৰাণৰক্ষা পৰে ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰৰ। কিন্তু চাদৰ পৰা তললৈ জাপ দিয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।

বৰ্তমান অতিৰিক্ত উপায়ুক্ত ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰ সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। প্ৰশাসনিক বিষয়াগৰাকীয়ে অৱশ্যে কি কাৰণত আত্মহননৰ চেষ্টা চলাইছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

কামৰূপ মেট্ৰ’ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছে ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰ নামৰ লোকজন। ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছত প্ৰাথমিক তদন্তৰ বাবে লতাশিল আৰক্ষীৰ এটা দল নেমকেয়াৰ হাস্পতালত উপস্থিত হৈছে।

অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!