“গৌৰৱ গগৈৰ সমালোচনাই ৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰে”, আৰু কি ক’লে দিলীপ শইকীয়াই ?

গৌৰৱ গগৈয়ে আৰএছএছক যদি সমালোচনা কৰে তেন্তে ৰাষ্ট্ৰয়তাবাদৰ শক্তি আৰু অধিক শক্তিশালী হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ।

গৌৰৱ গগৈৰ সমালোচনাই ৰাষ্ট্ৰীয়তাবাদক শক্তিশালী কৰে, আৰু কি কলে দিলীপ শইকীয়াই ?

দিলীপ শিইকীয়া আৰু গৌৰৱ গগৈ

Published: 

16 Jun 2025 | 10:20 PM

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰএছএছক যদি সমালোচনা কৰে তেন্তে ৰাষ্ট্ৰয়তাবাদৰ শক্তি আৰু অধিক শক্তিশালী হ’ব। এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত সভাপতি শইকীয়াই কয় যে,তেওঁ আৰ এছ এছৰ ‘স্বয়ংসেৱক’, যাৰ অৰ্থ হৈছে “সকলোৰে কল্যাণ আৰু সকলোৰে সেৱা”।

“গৌৰৱ গগৈয়ে যিমানেই আৰ এছ এছক অপব্যৱহাৰ কৰিব সিমানেই আমাৰ জাতীয়তাবাদী শক্তি আৰু শক্তিশালী হ’ব। শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলে এই সত্য প্ৰমাণ কৰিছে। গৌৰৱ গগৈয়ে ভালদৰে বুজি পাইছে।” এইদৰে কয় দিলীপ শইকীয়াই ।

ৰাজ্যখনৰ কিছুমান বিশেষ অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ সন্দৰ্ভত মন্তব্য কৰি গৌৰৱ গগৈয়ে দেওবাৰে অভিযোগ কৰে যে, আৰ এছ এছে ৰাজ্যৰ প্ৰতিখন গাঁৱত প্ৰৱেশ কৰি অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীৰ মাজত শত্ৰুতা সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা চলাইছে।

“ধর্মৰ নামত তেওঁলোকে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰি মানুহক বিভাজিত কৰাৰ চেষ্টা চলাইছে। আগন্তুক দিনত এনে ধৰণৰ উত্তেজনাৰ পৰা হাত সাৰিবলৈ তেওঁলোকক পৰীক্ষণ কৰি থানাত পঞ্জীয়ন কৰিবলৈ অসম আৰক্ষীক অনুৰোধ জনালোঁ।” এইদৰে কৈছিল গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈৰ এই মন্তব্যৰ পাছতে দিলীপ শইকীয়াই দাবী কৰে যে, আনকি মহাত্মা গান্ধীয়েও ১৯৩৪ চনত মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত থকা আৰ এছ এছৰ শিবিৰত উপস্থিত হৈ সংগঠনটোৰ বিষয়ে প্ৰশংসাসূচক মন্তব্য কৰিছিল। লগতে তেওঁ কয়, “যিসকলে জীৱনৰ আধা সময় শীততাপ নিয়ন্ত্ৰিত কোঠাত কটায়, তেওঁলোকে কেতিয়াও সঁচা অৰ্থত বুজিব নোৱাৰে যে আৰএছএছ কি বা ই কি কৰে। আৰএছএছে সাধাৰণ মানুহৰ মাজত কাম কৰে।”

“এয়া কেৱল তেওঁৰ বক্তব্য নহয়। ই ইচ্ছাকৃতভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰা এক নেৰেটিভ।” শইকীয়াই আৰু কয় যে, যদি গগৈয়ে আৰ এছ এছক এইদৰে সমালোচনা কৰি থাকে তেন্তে বিজেপি অধিক সক্ৰিয় হৈ উঠিব। “গৌৰৱ গগৈয়ে নামাজ পঢ়িব জানে, কালিমা পাঠ কৰে, বহুতে তেওঁৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু যদি শুদ্ধকৈ গুৰুজনাৰ কীৰ্তন ঘোষাখনো এবাৰ পঢ়ে সকলোৱে তেওঁক আৰু ভাল পাব ।” এই দৰে কয় দিলীপ শইকীয়াই ।

তেওঁ লগতে অভিযোগ কৰে যে,তেওঁ আই এছ আইৰ এজেণ্ট বুলি অভিযোগ উত্থাপন হৈ আহিছে আৰু তেওঁৰ পত্নীয়ে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ তত্বাৱধানত কাম কৰে । তেওঁৰ দৰে কোনোবা এজনৰ পৰা আৰ এছ এছৰ সত্যতা শুনিবলৈ আশা কৰাটো মূৰ্খামি বুলি কটাক্ষ কৰে দিলীপ শইকীয়াই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...