অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানিহানি গোচৰ ৰুজু ৰিণিকি ভূঞা শৰ্মাৰ…

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ। অভিযোগ অনুসৰি গগৈয়ে ৰিণিকি ভূঞা আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে মিছা আৰু অপমানজনক মন্তব্য কৰিছে।

অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানিহানি গোচৰ ৰুজু ৰিণিকি ভূঞা শৰ্মাৰ...

অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ

Edited By: 

Raj Saikia | Updated On: 08 Oct 2025 | 10:53 PM

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ ৰুজু উদ্যোগী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ। তথ্য অনুসৰি, ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ কোম্পানী ‘গোল্ডেন থ্ৰেডছ অৱ অসম’ৰ বিৰুদ্ধে মিছা আৰু অপমানজনক বক্তব্য দিয়াৰ অভিযোগত অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে। এই গোচৰত আন কেইবাজনৰ নামো উল্লেখ আছে।

গোচৰটো মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)ৰ আদালতত CR Case No. 502/25 ৰ অধীনত দাখিল কৰা হৈছে। ৩০ ছেপ্টেম্বৰ, ২০২৫ ত গগৈয়ে প্ৰতিবাদৰ সময়ত কৰা মন্তব্যৰ ওপৰত ভিত্তি কৰি এই গোচৰ ৰুজু কৰা হৈছে। সেই সময়চোৱাত গগৈয়ে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী জনাইছিল। লগতে অভিযোগ কৰিছিল যে, ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ কোম্পানীয়ে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত এক অনুষ্ঠানৰ আয়োজন কৰিছিল।

শৰ্মাৰ অধিবক্তা কিশোৰ দত্তই স্পষ্ট কৰি দিয়ে যে এই অভিযোগ ভিত্তিহীন। দত্তই কয়, “প্ৰতিবাদৰ সময়ত গগৈয়ে একেবাৰে মিছা আৰু অপমানজনক মন্তব্য প্ৰদান কৰিছিল। ছিংগাপুৰত অনুষ্ঠিত হোৱা উত্তৰ-পূব উৎসৱৰ সৈতে অসমৰ গোল্ডেন থ্ৰেডছৰ কোনো সম্পৰ্ক নাই। মোৰ ক্লায়েন্ট (ৰিণিকি ভূঞা) সেই অনুষ্ঠানত অংশগ্ৰহণ বা আয়োজন কৰা নাছিল।”

তেওঁ আৰু কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ দিনা মোৰ ক্লায়েন্ট আৰু তেওঁৰ স্বামী হিমন্ত বিশ্ব শৰ্মাই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গক সমবেদনা জ্ঞাপন কৰিছিল। এই গোচৰত প্ৰতিবিম্ব লাইভৰ সঞ্চালক তৌফিকুদ্দিন আহমেদৰ নামো উল্লেখ আছে। লগতে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে এজেপিৰ সভাপতি লুৰিণ জ্যোতি গগৈ আৰু অন্যান্য লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কয়। এই গোচৰৰ পৰৱৰ্তী শুনানি ৩০ অক্টোবৰত হ’ব।”

এই সন্দৰ্ভত ৰিণিকি ভূঞা শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট দিছে। য’ত তেওঁ গোচৰৰ কথা উল্লেখ কৰে। লগতে কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ কয় যে, সেই মানুহজন তেওঁ প্ৰশংসক আৰু যিয়ে তেওঁৰ নিউজ লাইভৰ যাত্ৰাত সহায় কৰিছিল।

ইয়াৰোপৰি অখিল গগৈক ছিংগাপুৰলৈ যাবৰ বাবে সকলো সহায় কৰিব বুলি কয় শৰ্মাই। তেওঁ কয় যে, “মোৰ সংগঠন, PEEPL আৰু মই অখিল গগৈক ছিংগাপুৰলৈ যাবৰ বাবে ফাৰ্ষ্ট ক্লাছ টিকট, ফাইভ ষ্টাৰ হোটেল আৰু প্ৰমাণ সংগ্ৰহৰ বাবে লজিষ্টিক সহায় আগবঢ়াম। গগৈয়ে তথ্য বিচাৰি উভতি আহিলে আমি ৩০ অক্টোবৰত আদালতত লগ হ’ম। ন্যায়ক প্ৰাধন্য দিয়ক।”

 

অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং কংগ্ৰেছৰ, কাৰণ কি…

 

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ