জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত গঞা…
ডিমৌৰ ভীমপোৱাত গঁড়ৰ মুক্ত বিচৰণ। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে এটা গড়ে। যাৰ পাছত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে উক্তস্থানত উপস্থিত হৈ বন বিভাগৰ লোক।

গঁড়
বনাঞ্চল এৰি জনাঞ্চললৈ আহিল গঁড়। জন অৰণ্য়ত বন্যজন্তুৰ বিচৰণ কোনো নতুন কথা নহয়। দীৰ্ঘদিন ধৰি, বন্যহস্তী, বাঘ, বনৰীয়া ম’হ, গঁড় আদি বন্যজন্তুৰ বিচৰণৰ সাক্ষী হৈ আহিছে অসমৰ বিভিন্ন ঠাইৰ লোক। গোলাঘাটৰ মৰঙি, নুমলীগড়, গোৱালপাৰা জিলাৰ কেতবোৰ অঞ্চলত বন্যহস্তীৰ সৈতে মানুহে সহবাস কৰি অহা বুলিলেও ভুল কোৱা নহ’ব। বছৰটোৰ সৰহ সময়তেই এই অঞ্চলবোৰত বন্যহস্তীৰ বিচৰণ দেখা যায়।
এইবাৰ এশিঙীয়া গঁড়ৰ বিচৰণ দেখা গ’ল শিৱসাগৰৰ ডিমৌত। ডিমৌ বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত ভীমপোৱাত শুকুৰবাৰে পুৱাই এটা গঁড় প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এঘৰ মানুহৰ বাৰীত আশ্ৰয় লোৱা গঁড়টোক দেখি শংকিত হৈ পৰিছে গঞা। গঁড়টোৱে অঞ্চলটোৰ ফুলমতি বেগম নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰাৰ লগতে এখন মটৰ চাইকেলো খুন্দিয়াই ভাঙে।
বন বিভাগে জনোৱা মতে, বিগত প্ৰায় পাঁচ মাহ ধৰি গঁড়টোৱে বিচৰণ কৰি আছে জনাঞ্চলত। আজি পুৱা খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টো দেখি স্থানীয় লোকৰ মাজত হাহাকাৰ লাগে। দেখাত প্ৰাপ্তবয়স্ক যেন লগা গঁড়টো মতা নে মাইকী সেয়া অৱশ্যে নিৰ্ধাৰণ কৰিব পৰা নাই বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই চাপৰি হৈ গঁড়টো সেই স্থানলৈ অহা বুলি সন্দেহ কৰা হৈছে। ইফালে বনবিভাগে গধূলি পৰতহে গঁড়টোক খেদি পঠোৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে।
বন বিভাগে যদি গঁড়টো ট্ৰেংকুলাইজ কৰা বা খেদি পঠিওৱাৰ ব্যৱস্থা নকৰে, তেন্তে ই ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বুলিও শংকা কৰিছে গাঁওবাসীয়ে। বৰ্তমান উদয়পুৰৰ সমীপৱৰ্তী লখিমী পথাৰত আছে গঁড়টো। বৰ্তমান গঁড়টো নিৰীক্ষণ কৰি থকাৰ লগতে গাঁওবাসীক সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাইছে বনবিভাগে। গধূলি গঁড়টোক সেই অঞ্চলৰ পৰা উলিয়াই পঠিওৱাৰ ব্যৱস্থা কৰিব বন বিভাগে। কিন্তু গঁড়টোক পুনৰ বনাঞ্চললৈ পঠিয়াবলৈ বন বিভাগ সক্ষম হয় নে নহয়, সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…