দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈক বিজেপি এজেন্ট সজাই কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ…

যোগদান কৰাৰ কেইদিনমান পাছতেই কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ। তেওঁ শেহতীয়াকৈ শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনাম বুলি মন্তব্য কৰিছিল।যাৰ পাছত সৃষ্টি হৈছিল বিতৰ্কৰ।

দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈক বিজেপি এজেন্ট সজাই কংগ্ৰেছ দল ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ...

ৰেজাউল কৰিম সৰকাৰ

Published: 

14 Jan 2026 | 11:00 AM

ৰাজ্যজুৰি চলি থকা বিতৰ্কৰ মাজতে কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ লিখি ন-কংগ্ৰেছী সৰকাৰে দল ত্যাগৰ সিদ্ধান্তৰ কথা অৱগত কৰে। পদত্যাগ পত্ৰত সৰকাৰে লিখে যে, তেওঁ কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষ মূল্যবোধ, সৰ্বাংগীন মতাদৰ্শ আৰু সাংবিধানিক নীতিৰ প্ৰতি থকা ঐতিহাসিক দায়বদ্ধতাৰ প্ৰতি অনুপ্ৰাণিত হৈ দলটোত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এতিয়া তেওঁ পদত্যাগ কৰে।

সৰকাৰে আৰু লিখে- “শেহতীয়াকৈ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই সামাজিকভাৱে কিছুমান মন্তব্য কৰিছে। বিশেষকৈ চি এল পি (CLP)ৰ নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুত বৰদলৈয়ে মোক গভীৰ নৈতিক আৰু মতাদৰ্শগত আঘাত দিছে। শেহতীয়া বিষয়বস্তুসমূহৰ ওপৰত তেওঁলোকৰ স্থিতিয়ে মোৰ বিবেচিত দৃষ্টিভংগীক মনোবলহীন কৰি তুলিছে, যিয়ে ৰাজহুৱা মঞ্চত মোৰ ভাবমূৰ্তিক বেয়া কৰিছে। এনে পৰিস্থিতিত দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত বৰদলৈৰ দৰে বিজেপিৰ এজেন্টৰ উপস্থিতিত দলৰ সৈতে থকা মোৰ বাবে অসুবিধা হয়। সেয়ে কংগ্ৰেছৰ সফলতা কামনা কৰি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছো”।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলত যোগদান কৰিছিল। দলত যোগদান কৰিয়ে তেওঁ এক বিতৰ্কিত মন্তব্য কৰিছিল। সৰকাৰে শিৱসাগৰক ধুবুৰী, ধুবুৰীক শিৱসাগৰ বনাম বুলি হুংকাৰ দিছিল। তাৰ পাছতে জাঙুৰ খাই উঠিছিল একাংশ দল-সংগঠন। ইয়াৰ মাজতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সৰকাৰক বিজেপিৰ এজেন্ট বুলি কৈছিল। ৰাজ্যত ৰেজাউলৰ মন্তব্য সন্দৰ্ভত চলি থকা এনে বিতৰ্কৰ মাজতে এতিয়া তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

 

অন্য খবৰ পঢ়কঃ আমছুৰ প্ৰাক্তন সভাপতিসহ কেইবাজনৰো কংগ্ৰেছত যোগদান, দললৈ আদৰণি গৌৰৱ গগৈৰ…

কলপাতত খাদ্য খোৱাৰ ৫টা উপকাৰী গুণ কি কি? জানক...
ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে এইসমূহ খাদ্যই, জানক...
মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়? জানক তাৎপৰ্য আৰু নিয়মৰ বিষয়ে
শীতকালত দিনটোত কিমান পানী খাব লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি