Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

আজি ১৩ জুলাই দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। থোৰতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ খবৰ

Updated On: 

13 Jul 2025 10:42 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভতৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদন মতে, উৰণৰ পিছত ইন্ধন নিয়ন্ত্ৰণৰ চুইচ বন্ধ হৈ থকাৰ বাবে ইন্ধন যোগানত ব্যাঘাত জন্মিছিল। প্ৰথম অৱস্থাৰ প্ৰতিবেদনত দিয়া উত্তৰৰ পিছত এতিয়াও বহু প্ৰশ্ন আছে, যাৰ উত্তৰ এতিয়াও পোৱা নাই।
  • অৰ্চিতা ফুকন সন্দৰ্ভত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। জানিব পৰা মতে, কোনো নীলা ছবিৰ নায়িকা নহয় অৰ্চিতা ফুকন। ডিব্ৰুগড়ৰ এগৰাকী বিৱাহিতা মহিলা অৰ্চিতা ফুকন। আমেৰিকাত নহয়, অসমতে থাকে অৰ্চিতা।
  • ধুবুৰীৰ তামাৰহাট হৃদয় বিদাৰক ঘটনা। শগুনচৰা গাঁৱত একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু। ঘৰৰ ভিতৰতে চিপ লৈ কৰে আত্মহনন। ৰাইজে সন্দেহ কৰা মতে মাতৃয়ে দুই কন্যাক হত্যা কৰি নিজেও শেষ হোৱাৰ পথ বাছি লয়।
  • গুৱাহাটীৰ ব্যক্তিগত বিদ্যালয়ত ৰেগিঙৰ বলি বহিঃ ৰাজ্যৰ ছাত্ৰ। বৰ্তমান ছাত্ৰজনকত ভৰ্তি কৰোৱা হৈছে। মূৰত আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পাইছে ছাত্ৰজনে।
  • আগন্তুক টি-২০ বিশ্বকাপত দেখিবলৈ পোৱা যাব চাৰিবাৰকৈ ফুটবল বিশ্বকাপ জয় কৰা বিশ্ব ফুটবলৰ এখন শক্তিশালী দেশৰ ক্ৰিকেট দলক। এই দেশখনৰ ক্ৰিকেট দলে আগন্তুক টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। সমান্তৰালকৈ সৃষ্টি কৰিছে ইতিহাস।
  • গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ অভিযান প্ৰশাসনৰ। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত এই উচ্ছেদ চলোৱা হয়।
  • হুৰহুৰকৈ গাত গাখীৰ ঢালি স্নান কৰিছে এজন যুৱকে। মুখত প্ৰশান্তিৰ হাঁহি। তেওঁ হেনো মুক্ত হৈছে। সেয়ে কৰিছে দুগ্ধস্নান। ইয়াৰ আঁৰত থকা কাৰণ জানিলে আপুনিও হ’ব আচৰিত। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰি আনন্দিত হৈছে যুৱকজন। সেয়ে তেওঁ এইদৰে গাখীৰেৰে গা ধুই আনন্দ কৰিছে।
  • শেহতীয়াকৈ ভাৰতে অপাৰেশ্যন সেন্দূৰৰ অধীনত আৰু পাকিস্তানত সন্ত্ৰাসবাদী লঞ্চপেড ধ্বংস কৰে। ইয়াৰ পিছত নেপালৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। নেপালৰ মুকলি সীমান্তৰ সুবিধা লৈ জেইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ভাৰতত আক্ৰমণৰ ষড়যন্ত্ৰ কৰিব পাৰে বুলি মন্তব্য কৰিছে নেপালৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টাই।
  • আই আই এম জোকাত এগৰাকী যুৱতীৰ শালীনতা হানিৰ অভিযোগ। অভিযুক্ত দ্বিতীয় বৰ্ষৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কাউন্সেলিঙৰ অজুহাতত ছাত্ৰাৱাসলৈ নি ড্ৰাগছ মিহলি পিজ্জা খুৱাই অচেতন কৰে। তাৰ পিছত অপকৰ্ম কৰা বুলি দাবী কৰে ভুক্তভোগীয়ে।
১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...
পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক
খাদ্য বিষক্ৰিয়া হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক চিকিৎসকৰ পৰা...
গৰমৰ দিনত টেঙামৰাৰ পাত বা গুটি কিয় খাব লাগে? ইয়াৰ উপকাৰিতা জানক