সাংসদ পুঁজি অপব্যৱহাৰ ! ৫ ঘণ্টা ধৰি অজিত কুমাৰ ভূঞাক জেৰা CM ভিজিলেন্সৰ…
সাংসদ পুঁজি অপব্যৱহাৰৰ গোচৰত সাংসদ অজিত কুমাৰ ভূঞাক পাঁচ ঘণ্টা ধৰি জেৰা চলালে CM ভিজিলেন্সে । উল্লেখ্য যে, এমপিএলএডিৰ ধনৰ অপব্যৱহাৰৰ এক অভিযোগত ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত আজি CM ভিজিলেন্সৰৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদগৰাকী ।

সাংসদ অজিত কুমাৰ ভূঞা
এমপিএলএডিৰ ধনৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গোচৰত ৰাজ্যসভা সাংসদ অজিত কুমাৰ ভূঞাক পাঁচ ঘণ্টা ধৰি জেৰা চলালে CM ভিজিলেন্সে । উল্লেখ্য যে, এমপিএলএডিৰ ধনৰ অপব্যৱহাৰৰ এক অভিযোগত ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত আজি CM ভিজিলেন্সৰৰ কাৰ্যালয়ত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদগৰাকী । এই গোচৰত সোধা-পোছাৰ বাবে অজিত ভূঞাক কাৰ্যালয়ত হাজিৰ হ’বলৈ কৈছিল CM ভিজিলেন্সে ।
সেই অনুসৰি CM ভিজিলেন্সৰৰ কাৰ্যালয়ত হাজিৰ হোৱা সাংসদ ভূঞাক পাঁচ ঘণ্টাৰো অধিক সময় জেৰা কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। পিটিআইৰ প্ৰতিবেদন অনুসৰি, এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিছে যে,পুৱা প্ৰায় ১১:৩০ বজাত সাংসদ ভূঞা CM ভিজিলেন্সৰৰ সন্মুখত হাজিৰ হয়। লগতে গোচৰটোৰ তদন্ত চলি আছে বুলি কয় বিষয়াগৰাকীয়ে ।
এছভিচিৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে সাংসদ ভূঞাই সাংবাদিকৰ আগত কয় যে, ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষৰ এমপিএলএডি আঁচনিৰ অধীনত ধনৰ অপব্যৱহাৰৰ সৈতে জড়িত গোচৰটোৰ চমন পাই তেওঁ আচৰিত হৈছে। “এজন সাংসদে কেৱল আঁচনিৰ পৰামৰ্শ দিয়ে । সেইটো সকলোৱে জনা কথা । কিন্তু আঁচনিৰ আৰ্থিক অংশ আৰু ৰূপায়ণ জিলা উপায়ুক্তই কৰে। তেওঁ এজন বিষয়াক চোৱাচিতা কৰিবলৈ কৰ্তৃত্ব দিয়ে।” এইদৰে কয় সাংসদ ভূঞাই ।
ইফালে, এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “মই তেওঁক সন্মান কৰো, কিন্তু তেওঁ পৰামৰ্শ দিয়া পথ প্ৰকল্পটোৰ অস্তিত্ব নাই। মুখ্যমন্ত্ৰীয়ে কয়, “এই লোকসকলে জনসাধাৰণৰ সন্মুখত অতি ভাল ফেচ ভেলু কঢ়িয়াই লৈ ফুৰে। এই গোচৰত তেওঁৰ বক্তব্যহে বাকী আছিল। ইয়াৰ পিছত এই গোচৰ আদালতলৈ যাব। ইতিমধ্যে বহু এচিএছ বিষয়া গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।”
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে এই তদন্ত আৰম্ভ কৰা হৈছিল, য’ত ২০২১–২২ আৰু ২০২২–২৩ চনৰ ভিতৰত এমপিএলএডিৰ ধনৰ ব্যাপক দুৰ্নীতি আৰু অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল। নিয়মীয়াকৈ তদন্ত আৰম্ভ কৰে এছভিচিয়ে। ফলত অসম অসামৰিক সেৱাৰ কেইবাজনো বিষয়াক নিলম্বন কৰা হয় আৰু পিছত এই কেলেংকাৰীত জড়িত থকাৰ বাবে একাংশক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় বুলি পিটিআইৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে ।