দলৰ প্ৰতি অসন্তুষ্টি! বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ…

Rajen Gohain Resign: বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। আজি বাজপেয়ী ভৱনত উপস্থিত হৈ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। দীৰ্ঘ সময় ধৰি তেওঁ বিজেপিৰ বহু কেইটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

দলৰ প্ৰতি অসন্তুষ্টি! বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ...

ৰাজেন গোঁহাইৰ পদত্যাগ

Published: 

09 Oct 2025 | 03:22 PM

দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক যুঁজৰ অন্তত অৱশেষত বিজেপি ত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। ৯ অক্টোবৰ,২০২৫ ত গুৱাহাটীস্থিত বাজপেয়ী ভৱনলৈ আহি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। এইগৰাকী জ্যেষ্ঠ নেতাই বিগত সময়চোৱাত বিজেপিৰ হৈ বহু দায়িত্ব পালন কৰিছে। গোহাঁই বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি হোৱাৰ লগতে নগাঁৱৰ চাৰিবাৰৰ সাংসদ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গোঁহাই আছিল ৰাজ্যিক ৰেল মন্ত্ৰী।

অৱশ্যে গোঁহাইৰ এই পদত্যাগ বেছি আকস্মিক নহয়। কিয়নো বিগত বৰ্ষৰ পৰা গোঁহাইয়ে ইয়াৰ ইংগিত দি আহিছিল। জ্যেষ্ঠ নেতাগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল। বিজেপিত তেওঁ উপেক্ষিত হবলগীয়া হোৱা বুলিও অভিযোগ কৰিছিল।

এক সভা সম্বোধন কৰি ৰাজেন গোঁহাইয়ে কৈছিল, লাহে লাহে দলটোত (বিজেপি)ত অন্যায় অবিচাৰ বৃদ্ধি পাবলৈ ধৰিলে। আমি এলাগী হ’লো। বহু পৰিকল্পনা কৰি পুৰণি নেতা কৰ্মীৰ অস্তিত্ব নোহোৱা কৰাৰ চেষ্টা কৰিছিল। এই পৰিকল্পনাৰ পৰিণাম স্বৰূপে মই সাংসদ টিকটৰ পৰা বঞ্চিত হ’লো। কেৱল মোৰ লগতে এনে হোৱা নাই। বিজেপিৰ প্ৰায় ভাগ পুৰণি কৰ্মীৰ লগত এনে হৈছে।

উল্লেখ্য যে, ন-পুৰণি বিজেপিৰ যুঁজখন আজিৰ নহয়। দীৰ্ঘদিন ধৰি এই সমস্যা দলটোত চলি আছে। যাৰ বাবে প্ৰাক্তন বিধায়ক অশোক শৰ্মাইও বিজেপি ত্যাগ কৰিছিল। অৱশ্যে এই তালিকাত কেৱল অশোক শৰ্মা আৰু ৰাজেন গোঁহাইয়ে নাই, বিজেপিৰ নতুন নেতাসকলৰ প্ৰতি ক্ষুব্ধ বহু পুৰণি বিজেপি কৰ্মী।

ইয়াৰ পূৰ্বে ৰাজেন গোঁহাইয়ে ভাৰতীয় খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদ ত্যাগ কৰিছিল। বিগত মাহকেইটাত ৰাজেন গোঁহাইয়ে বিশেষ একো মন্তব্য প্ৰদান কৰা নাছিল যদিও আজি তেওঁ বিজেপি ত্যাগ কৰে।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যক ৰাজনৈতিক প্ৰেক্ষাপট প্ৰায় সলনি হৈ পৰিছে। প্ৰতিটো দলে নিজেৰ শিপা মজবুত কৰাৰ চেষ্টা কৰিছে যদিও সময়ে সময়ে প্ৰত্যাহ্বানো আহিছে। বিজেপিৰ আগতো যেন নিতৌ ন ন প্ৰত্যাহ্বান আহিছে। গতিকে এই সকলোবোৰৰ হৈ দলটোৱে কেনেকৈ মোকাবিলা কৰে সেয়া সময়ত হব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ অসম জনসংঘ! কোনে ৰাজ্যত গঠন কৰিব নতুন আঞ্চলিক ৰাজনৈতিক দল?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...