Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু

Landslide: ৰূপ সলাইছে প্ৰকৃতিয়ে, বাৰিষাৰ কবলত অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰাম। নেৰানেপেৰা বৰষুণৰ ফলত চাৰিওখন ৰাজ্যতে বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে।

Heavy Rain: বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি, ভূমিস্খলন আৰু বানত ২ দিনত ৩০ জন লোকৰ মৃত্যু

বৰষুণৰ ফলত উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ পৰিস্থিতি

Updated On: 

01 Jun 2025 | 03:11 PM

অসমত নিৰ্ধাৰিত সময়ত পূৰ্বে বাৰিষাৰ আগমণ। নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ৰূপ দেখুওৱাইছে প্ৰকৃতিয়ে। কিছুদিনৰ পৰা উত্তৰ-পূব ভাৰতত আহি আছে ধাৰাষাৰ বৰষুণ। বৰষুণৰ ফলত বিভিন্ন স্থানত হৈছে ভূমিস্খলন। এই বৰষুণৰ ফলত কমেও ৩০ জন লোকৰ মৃত্যু হয়। এতিয়া পানীৰে উপচি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। অসম আৰু মেঘালয়ৰ মাজত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।

বাৰিষা ওচৰ চাপি অহাৰ লগে লগে অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। ধাৰাবাহিকভাৱে অহা বৰষুণৰ ফলত চাৰিওখন ৰাজ্যতে কৃত্ৰিম বান আৰু ভূমিস্খলনৰ সৃষ্টি হয়। শনিবাৰে কমেও ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে অসমৰ বিভিন্ন প্ৰান্তত গাঁওসমূহতো ৰাইজক কষ্ট দিছে বাঢ়নি পানীয়ে। কেৱল অসমতে কমেও ৬০ হাজাৰ লোক গৃহহীন হৈছে।

শনিবাৰে অসমত ভূমিস্খলন আৰু ধাৰাসাৰ বৰষুণৰ ফলত ৫জন লোকৰ মৃত্যু হয়। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত ভূমিস্খলনৰ ফলত এখন গাড়ী খাৱৈত বাগৰি পৰে। যাৰ বাবে দুটা পৰিয়ালৰ ৭জন লোকে প্ৰাণ হেৰুৱায়। আন এটা স্থানত ভূমিস্খলনতে দুজন লোকৰ মৃত্যু।

এতিয়া বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। অসমৰ কেইবাটাও স্থানত ৰঙা আৰু কমলা সতৰ্কবাণী জাৰি কৰিছে । আনহাতে উত্তৰ-পূবৰ বাকী অংশৰ বাবে জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী।

অসমৰ ৬ খন জিলাত বানৰ ভয়াৱহ পৰিস্থিতি। ১০ হাজাৰৰো অধিক লোক বানৰ কবলত। গুৱাহাটীত এদিনতে দিছে ১১১ মিলিমিটাৰ বৰষুণ। ফলত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নদীৰ জলপৃষ্ঠ ওফন্দি উঠিছে। মেঘালয়ৰ তুৰা আৰু গুৱাহাটী সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথো বুৰ গৈছে বাঢ়নি পানীত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...