জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে সৰুসজাইত বৰষুণ, পৰৱৰ্তী দুদিনত কেনে হ’ব গুৱাহাটীৰ বতৰ?

বৰষুণেও বাধা দিব পৰা নাছিল জুবিনৰ অনুৰাগীক।  জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা ২১ ছেপ্টেম্বৰ দেওবাৰে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত সমবেত হোৱা হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় যেন অধিক জীপাল হৈ পৰিছিল। বৰষুণক আওকাণ কৰি প্ৰিয় কণ্ঠশিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰৈ থাকিল সকলো। 

জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে সৰুসজাইত বৰষুণ, পৰৱৰ্তী দুদিনত কেনে হব গুৱাহাটীৰ বতৰ?

বৰষুণ

Updated On: 

21 Sep 2025 | 06:38 PM

অসমীয়াৰ মৰমৰ জুবিনদাই ভাল পাইছিল বৰষুণ, তেওঁ গাইছিল, টোপাল টোপাল বৰষুণে আহি, চকুৰ পতাত চুমা সিচি দি যায়…আজি জুবিন দা আমাৰ লগত কায়িকভাৱে নাই। কিন্তু প্ৰতিমুহূৰ্তত যেন প্ৰকৃতিয়েও দিছে জুবিনৰ মনৰ বতৰা। আজি প্ৰিয় শিল্পীগৰাকীক বিদায় দিয়াৰ সময়ত অহা বৰষুণজাকেও যেন তাকেই কৈছিল। প্ৰকৃতিয়েও যেন বুজি উঠিছে অজস্ৰ অনুৰাগীৰ বেদনা। সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধাৰাষাৰ বৃষ্টিপাত।

কিন্তু সেই সময়ত বৰষুণেও বাধা দিব পৰা নাছিল জুবিনৰ অনুৰাগীক।  জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ২১ ছেপ্টেম্বৰ দেওবাৰে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত সমবেত হোৱা হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় যেন অধিক জীপাল হৈ পৰিছিল। বৰষুণক আওকাণ কৰি প্ৰিয় কণ্ঠশিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰৈ থাকিল সকলো।  জুবিনক শেষবাৰৰ বাবে দেখা কৰিবলৈ লাখ লাখ লোকে ভিৰ কৰিছে মহানগৰীত। যাৰ যাৰ বাবে এতিয়া শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় সাল-সলনি কৰা হৈছে।

আজি ওৰে নিশা আৰু কাইলৈ জুবিনৰ নশ্বৰ দেহ সৰুসজাইত ৰখা হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “বহু লোকে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ ইচ্ছা কৰি আছে। আমি এই আবেগবোৰ বুজি পাওঁ। সেয়ে আজি ওৰে নিশা অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম (সৰুসজাই) খোলা থাকিব যাতে জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে। কাইলৈও জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইত ৰখা হ’ব”।

ইফালে IMDৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ/বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। কাইলৈৰ পৰা প্ৰায় ৩ দিনলৈ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত! চলোৱা হৈছে যাৱতীয় প্ৰস্তুতি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...