ঐনিতমৰ সুৰত মুখৰিত মিচিং গাঁও…চলিছে লৃগাঙৰ পূৰ্ণ প্ৰস্তুতি…কেতিয়া হ’ব আলি আঃয়ে লৃগাং

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় আলি আঃয়ে লৃগাং । মাজত মাত্ৰ কেইটামান দিন, লৃগাং পালেহিয়েই । গাত যেন তৎ নোহোৱা হৈছে মিচিং ডেকা-গাভৰুৰ পৰা আৰম্ভ বুঢ়া-মেঠা সকলোৰে । লৃগাঙৰ বাবে প্ৰস্তুতি চলিছে মিচিং গাওঁবোৰত ।

ঐনিতমৰ সুৰত মুখৰিত মিচিং গাঁও...চলিছে লৃগাঙৰ পূৰ্ণ প্ৰস্তুতি...কেতিয়া হব আলি আঃয়ে লৃগাং

Ali Aye Lrigang

Published: 

12 Feb 2025 | 07:45 PM

শীতৰ নিহালিখন লাহেকৈ আঁতৰাই ভুমুকি মাৰিবলৈ লৈছে ফাগুনে । পচোৱাজাকে কাণে কাণে দি গৈছে ফাগুনৰ আগমনৰ বতৰা । ফাগুনক আদৰিবলৈকে যেন আকাশ শুৱনি কৰি ফুলিছে শিমলু-পলাশ-মদাৰ । সৰাপাতে দলিচা পাৰি আমন্ত্ৰণ জনাইছে ফাগুনক । বিচিত্ৰ ফাগুন আহিছে সকলোৰে মন বাউলী কৰিবলৈ । এই ফাগুনতে আকৌ আহে লৃগাং…আলি আঃয়ে লৃগাং । অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ প্ৰাণৰ উৎসৱ এয়া । তাৰোপৰি প্ৰাণৰ হোলী উৎসৱো ফাগুনতে আহে মনত ৰং চটিয়াবলৈ ।

ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় আলি আঃয়ে লৃগাং । মাজত মাত্ৰ কেইটামান দিন, লৃগাং পালেহিয়েই । গাত যেন তৎ নোহোৱা হৈছে মিচিং ডেকা-গাভৰুৰ পৰা আৰম্ভ বুঢ়া-মেঠা সকলোৰে । লৃগাঙৰ বাবে প্ৰস্তুতি চলিছে মিচিং গাঁওবোৰত । ঐনিতমৰ সুৰে আকাশ-বতাহ মুখৰিত কৰি তুলিছে । আখৰা চলিছে গুমৰাগ চমানৰো । এগে গাচৰ, ৰিঃবি-গাচেং, মিবু গালুগ প্ৰস্তুত কৰা লগতে পৰ আপং সাজু কৰাত ব্যস্ত হৈ পৰিছে মিচিং জীয়াৰী বোৱাৰী । লৃগাঙৰ দিনা আলহী-অতিথিক যতনাই দিবলৈ মাছ, গাহৰি মাংস আদি সাজু কৰাৰ বাবেও চলিছে প্ৰস্তুতি ।

আলি আঃয়ে লৃগাং হৈছে মিচিংসকলৰ প্ৰধান কৃষিভিত্তিক উৎসৱ । মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ, ‘আঃয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে সিঁচা কাৰ্য ৷ অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্যৰ বীজ সিঁচা উৎসৱ । ইতিমধ্যে মিচিং গাঁওবোৰত মুৰং ঘৰ সজাৰ বাবে লাইখুঁটা স্থাপন কৰা দেখা গৈছে । তাঁতশালত বহি কোনো কঃনেঙে আপোনজনলৈ বৈছে মিবু গালুক, ৰিবিগাচেং এৰকক । চুবুৰীয়ে চুবুৰীয়ে শুনা গৈছে তাঁতৰ খিটখিটনি । মিচিংসকলৰ অন্যতম বসতিপ্ৰধান অঞ্চল ধেমাজি জিলাৰ জোনাইতো দেখা গৈছে লৃগাংক লৈ ব্যাপক প্ৰস্তুতি ।

দেৱতাক পূজা দিয়াৰ পৰম্পৰা আছে লৃংগাঙত । বিশেষতঃ নৈ পাৰত বাস কৰা মিচিংসকলে সূৰ্য আৰু চন্দ্ৰ দেৱতাক সেৱা জনাই শস্যৰ বীজ সিঁচে লৃগাঙৰ দিনা । শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে ইষ্ট দেৱতাক সেৱা জনোৱা হয় ।

পূৰ্বে ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা বুধবাৰত এই উৎসৱ পালন কৰা হৈছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ সৰ্ববৃহৎ আৰ্থসামাজিক অনুষ্ঠান বানে কেবাঙে (পূৰ্বৰ নানে কেবাং) আলি আঃয়ে লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় । তেতিয়াৰ পৰাই এই উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰি অহা হৈছে বুলি জনা যায় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...