প্ৰাকৃতিক কৃষি আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ, যোৰহাটৰ আইশী প্ৰিশা বৰাক অভিনন্দন মুখ্যমন্ত্ৰীৰ

যোৰহাটৰ আইশী প্ৰিশা বৰাই লাভ কৰিছে প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু বঁটা। আইশী প্ৰিশা বৰাক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

প্ৰাকৃতিক কৃষি আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰ, যোৰহাটৰ আইশী প্ৰিশা বৰাক অভিনন্দন মুখ্যমন্ত্ৰীৰ
Published: 

26 Dec 2025 19:09 PM

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভাৰ বাবে যোৰহাটৰ আইশী প্ৰিশা বৰাই লাভ কৰিছে প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু বঁটা। আইশী প্ৰিশা বৰাক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই উপলক্ষে আইশী প্ৰিশা বৰাক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আইশীয়ে প্ৰাকৃতিক কৃষি আৰু আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰা আদি প্ৰকল্প ৰূপায়ণ কৰিছে। নিচেই কম বয়সৰ পৰাই বহনক্ষম পদ্ধতিৰ প্ৰসাৰৰ বাবে তেওঁৰ অহৰহ প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় আৰু ই আমাৰ যুৱক-যুৱতীসকলক দৈনন্দিনভাৱে বহনক্ষম পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব।

“অসম তনয়া আইশী প্ৰিশা বৰাক আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভাৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে৷ যোৰহাটৰ মৰমৰ আইশী প্ৰিশাক এই মধুৰ মুহূৰ্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সাহস, সমাজসেৱা, পৰিবেশ, ক্ৰীড়া, কলা আৰু সংস্কৃতি, আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ব্যতিক্ৰমী সাফল্যৰ বাবে শিশুসকলক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰে। বঁটাপ্ৰাপকসকলক অভিনন্দন জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, শিশুসকলে তেওঁলোকৰ পৰিয়াল, সম্প্ৰদায় আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। এই বঁটাসমূহে সমগ্ৰ দেশৰ শিশুসকলক সাফল্য অৰ্জন কৰিবলৈ আৰু সমাজলৈ ইতিবাচক অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰিব বুলি আস্থা প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

উল্লেখ্য যে,২৫ ডিচেম্বৰত ৰাষ্ট্ৰপতি মুৰ্মুৱে ২০ গৰাকীক অসাধাৰণ ক্ষমতা আৰু কৃতিত্বৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা হৈছে ভাৰতৰ শিশুসকলৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান। বছৰি ৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশুক একাধিক শিতানত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰদান কৰা হয় এই বঁটা।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...