চিত্ৰশিল্পী শান্তনু হাজৰিকাৰ সাফল্য, জনপ্ৰিয় জাপানী ভিডিঅ’ গেমৰ বাবে প্ৰস্তুত কৰিছে জাৰ্চি

অসম সন্তান তথা চিত্ৰশিল্পী শান্তনু হাজৰিকাৰ সাফল্য। এইবাৰ জাপানী ভিডিঅ' গেমৰ বাবে প্ৰস্তুত কৰিছে জাৰ্চি। এই ভাল খবৰটোৰ বিষয়ে শ্যামকানু মহন্তই সামাজিক মাধ্যমত লিখি অসমবাসীক জনোৱাৰ লগতে শান্তনুকো শুভেচ্ছা জনায়।

চিত্ৰশিল্পী শান্তনু হাজৰিকাৰ সাফল্য, জনপ্ৰিয় জাপানী ভিডিঅ গেমৰ বাবে প্ৰস্তুত কৰিছে জাৰ্চি

চিত্ৰশিল্পী শান্তনু হাজৰিকাৰ সাফল্য

Updated On: 

15 Aug 2025 | 05:00 PM

অসম সন্তান তথা চিত্ৰশিল্পী  (Multidisciplinary Visual Artist) শান্তনু হাজৰিকাক চিনি নোপোৱা মানুহ খুব কম ওলাব। প্ৰায়ে নিজৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে শান্তনু। এইবাৰ শিল্পীজনে প্ৰস্তুত কৰিছে এবিধ বিশেষ জাপানী ভিডিঅ’ গেমৰ জাৰ্চি। কিন্তু এই খেলবিধৰ নাম কি জানো আহক।

এই বিষয়ে সামাজিক মাধ্যমত এটি পোষ্ট শ্বেয়াৰ কৰি চিত্ৰশিল্পী শান্তনু হাজৰিকাই জনাইছে কিহৰ বাবে জাৰ্চি প্ৰস্তুত কৰিছে। চিত্ৰশিল্পীজনে ক’নামিৰ ই ফুটবল নামৰ জনপ্ৰিয় জাপানী ভিডিঅ’ গেমবিধৰ জাৰ্চি প্ৰস্তুত কৰিছে। ইয়াক বিশ্ব ফুটবলৰ এজন চুপাৰষ্টাৰ ব্ৰাজিলৰ নেইমাৰ জুনিয়ৰও প্ৰমোট কৰিছে। তথ্যনুসৰি ভিডিঅ’টোৰ শ্বুটিং তেওঁ অসমতে কৰিছে বুলি জানিব পৰা গৈছে।

এই ভাল খবৰটোৰ বিষয়ে শ্যামকানু মহন্তই সামাজিক মাধ্যমত লিখি অসমবাসীক জনোৱাৰ লগতে শান্তনুকো শুভেচ্ছা জনায়। তেওঁ লিখিছে- ক’নামিৰ ই ফুটবল নামৰ জনপ্ৰিয় জাপানী ভিডিঅ’ গেমবিধৰ জাৰ্চি প্ৰস্তুত কৰিছে চিত্ৰশিল্পী শান্তনু হাজৰিকাই। বিশ্ব ফুটবলৰ এজন চুপাৰষ্টাৰ ব্ৰাজিলৰ নেইমাৰ জুনিয়ৰও প্ৰমোট কৰিছে। ভিডিঅ’টোৰ শ্বুটিং তেওঁ অসমতে কৰিছে। শান্তনুৰ মতে ব্ৰহ্মপুত্ৰ, শৈশৱৰ ফুটবল খেল আৰু অসমীয়া গামোচাখন এই জাৰ্চীটোৰ ডিজাইনৰ অনুপ্ৰেৰণা। এইয়া আচল অসমীয়াগিৰি। শান্তনু হাজৰিকাই ডুডল আৰ্টৰ ডিজাইন কৰি দেশৰ সৰ্বত্ৰে জনপ্ৰিয় আৰু প্ৰশংসিত। শান্তনু বিশ্বজুৰি আৰু প্ৰশংসিত হওঁক।

এই পোষ্টো দেখি সকলোৱে এতিয়া গৌৰৱ অনুভৱ কৰাৰ লগতে শান্তনু হাজৰিকাক শুভেচ্ছা জনাইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...