আৰক্ষীৰ প্ৰহাৰত মৃত্যু যুৱকৰ, ৰিজাৰ্ভ ক্ল’জ অ’চি কপিল বৰাক…

ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। আৰক্ষীৰ প্ৰহাৰত এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। ঘটনা সন্দৰ্ভত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ প্ৰহাৰত মৃত্যু যুৱকৰ, ৰিজাৰ্ভ ক্লজ অচি কপিল বৰাক...

কপিল বৰা

Updated On: 

01 Oct 2025 | 06:32 PM

দুৰ্গা পূজাৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি আৰক্ষীৰ প্ৰহাৰত নিহত তামাৰহাটৰ মেচপাৰাৰ মনোহৰ ৰায় নামৰ যুৱকজনৰ। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে সন্ধিয়াৰ এক ঘটনাৰ কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰ (২৯ ছেপ্টেম্বৰ)য়ে সন্ধিয়া ৰাকেশ ৰায়, গনেশ ৰায় আৰু মনোহৰ ৰায় নামৰ লোককেইজন ডিংডিঙ্গা গাৱঁৰ হাবিবুল শেখ নামৰ লোকজনৰ ঘৰলৈ যায়। হাবিবুল শেখ নামৰ ঠিকাদাৰজনৰ ওচৰত তেওঁলোকে কামৰ টকা পাবলগীয়া আছিল। সেই সময়ত হাবিবুল ঘৰত নাছিল। এনে অৱস্থাত তেওঁৰ পিতৃ জলিল শেখে তেওঁলোক অহা বুলি পশ্চিমবংগত থকা পুত্ৰক খবৰ দিয়ে।

এই কথা গম পাই হাবিবুলে লগে লগে আৰক্ষীক খবৰ দিয়ে যে তিনিজন লোকে তেওঁৰ ঘৰত আক্ৰমণ কৰিছে। যাৰ বাবে লগে লগে আৰক্ষীয়ে তেওঁলোকক আটক কৰি আৰক্ষী থানালৈ লৈ যায়। কিন্তু থানাত আৰক্ষীয়ে আটাইকেইজনক বেয়াকৈ প্ৰহাৰ কৰে। যাৰ ফলত মনোহৰ ৰায় নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত অৱস্থাতে থানাত পৰি থাকে মনোহৰ ৰায়। এই ঘটনাৰ প্ৰায় ৩ দিন পাছত আজি পুৱা তেওঁক তামাৰহাট চিকিৎসালয়লৈ লৈ যায়। কিন্তু হাস্পাতাল পোৱাৰ পূৰ্বে মৃত্যুক সাৱতি লয় তেওঁ। এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক , গোলকগঞ্জ সমজিলা আয়ুক্ত আয়ুক্ত হৈ সবিশেষ বুজ লয়।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ৰাইজে উচিত তদন্তৰ দাবী জনায়। ঘটনা সন্দৰ্ভত ইতিমধ্যে তামাৰহাট থানাৰ O/C কপিল বৰাক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। অভিযোগ অনুসৰি অচি কপিল বৰাই তিনিজন কৈ যুৱকক থানালৈ নি কৰিছিল প্ৰহাৰ। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ পথাৰত পৰি ৰ’ল ২ পুত্ৰৰ মৃতদেহ! ঘৰলৈ আহিল পিতৃ, কোঠাৰ ভিতৰলৈ নিলে মাতৃ-২ কন্যাক, পাছত এক ভয়ংকৰ কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...