৯ বছৰীয়া শিশুৰ সৈতে মহানগৰীত ভয়ংকৰ কাণ্ড! পলাতক ৬০ বছৰীয়া বৃদ্ধ…
পুনৰ এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে গুৱাহাটী। শেহতীয়াকৈ পোহৰলৈ আহিছে এক জঘন্য কাণ্ডৰ ঘটনা। জানিব পৰা মতে, এটি ৯ বছৰীয়া শিশুৰ সৈতে এজন ৬০ বছৰীয়া বৃদ্ধই অপকৰ্ম সংঘটিত কৰে।

প্ৰতীকী ফটো
ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। একাংশ পাষাণ মনোবৃত্তিৰ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। মানৱতাৰ সকলো সীমা অতিক্ৰম কৰি এজন বৃদ্ধই নাতিনীসম এটি শিশুৰ সৈতে ধৰ্ষণ কাণ্ড সংঘটিত কৰে। এই কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আজি ২০ নৱেম্বৰত সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব শিশু দিৱস। এই দিনটোতেই পোহৰলৈ আহিছে শিশু ধৰ্ষণৰ দৰে এক জঘন্য় ঘটনা। তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াৰ বস্তি অঞ্চলত এটি ৯ বছৰীয়া শিশুক এজন ৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি, জনৈক বৰ্মন উপাধিৰ লোকজনে ১৯ নৱেম্বৰৰ সন্ধিয়া এই কাণ্ড সংঘটিত কৰে। তেওঁ প্ৰথমে ঘৰৰ ওচৰৰে শিশুটিক ঘৰলৈ মাতি নিয়ে আৰু পাছত ধৰ্ষণ কৰে। গোটেই নিশা লোকজনে শিশুটিক নিজৰ লগত ৰাখি এই অপকৰ্ম সংঘটিত কৰে।
কিন্তু আজি পুৱাৰ ভাগত যেতিয়া বহুমুখী বিদ্যালৈয়ৰ বাছে ছাত্ৰী গৰাকীক নিবলৈ যায় তেতিয়া এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে। লগে লগে ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। লগে লগে আৰক্ষীয়ে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত। পোহৰলৈ অহা তথ্য অনুসৰি, শিশুটিৰ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে। ইফালে পিতৃ মানকিস বিকাৰগ্ৰস্ত হোৱাৰ বাবে তেওঁ আইতাকৰ সৈতে বাস কৰে। কিন্তু ইয়াৰ মাজতে শিশুটিৰ সৈতে এই জঘন্য় কাণ্ড সংঘটিত হয়। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষকৰ আসনত নিবিৰ নেচন বৰুৱা…