২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য
বাৰিষাৰ বাবে বন্ধ হৈ থকা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। অহা ২৩ অক্টোবৰ বৃহস্পতিবাৰে অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি জানিবলৈ দিছে এজন বিষয়াই।

বাৰিষাৰ বাবে বন্ধ হৈ থকা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অহা ২৩ অক্টোবৰ বৃহস্পতিবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব। এই কথা জানিবলৈ দিছে এজন বিষয়াই। ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাই কয় যে, বাৰিষাত ক্ষতিগ্ৰস্ত হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ কৰা হৈছে।
তেওঁ কয়,”আমি ২৩ অক্টোবৰত অভয়াৰণ্যখন পুনৰ মুকলি কৰিম। শীতকাল আৰম্ভ হোৱাৰ লগে লগে ইয়াত বৃহৎ সংখ্যক পৰিভ্ৰমী চৰাইৰ আগমণ হোৱাৰ সম্ভাৱনা আছে, যিয়ে বিদেশী আৰু ঘৰুৱা পৰ্যটক উভয়কে আকৰ্ষণ কৰিব।” প্ৰথম দিনাৰ পৰাই পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰী উপলব্ধ হ’ব বুলিও তেওঁ লগতে কয়।
মৰিগাঁও জিলাত অৱস্থিত আৰু গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অভয়াৰণ্যখন ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰাজা মায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ সংমিশ্ৰণেৰে ঘোষণা কৰা হৈছিল। ৩৮.৮১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত বিশ্বৰ সৰ্বাধিক ঘনত্বৰ এশিঙীয়া গঁড় আছে।
অভয়াৰণ্যখনত ১০৭টা (২০২২ চনৰ জৰীপ অনুসৰি) গ্ৰেট ইণ্ডিয়ান এশিঙীয়া গঁড় আছে। ইয়াৰ উপৰিও ইয়াত অন্যান্য বন্যপ্ৰাণী যেনে ২২ টা প্ৰজাতিৰ স্তন্যপায়ী, ২৭ টা প্ৰজাতিৰ সৰীসৃপ, ৯ টা প্ৰজাতিৰ উভচৰ প্ৰাণী, ৪১ টা প্ৰজাতিৰ মাছ আৰু ৩৭৫ টা প্ৰজাতিৰ চৰাই আছে বুলি চৰকাৰী ৱেবছাইটত প্ৰকাশ পাইছে।