লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’, ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ক্ৰুজ জাহাজেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰা কালতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান অনুষ্ঠিত হয়। য'ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

দেওবাৰে লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান। এই অনুষ্ঠানত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি তেওঁ ভ্ৰমণসূচীৰ দ্বিতীয় দিন।
দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ক্ৰুজ জাহাজেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰা কালতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান অনুষ্ঠিত হয়। য’ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুষ্ঠানত অসমৰ বিভিন্ন বিদ্যালয়ৰ পৰা মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
মোদীয়ে ‘এম ভি চৰাইদেউ ২’ জাহাজত প্ৰায় ৪৫ মিনিট সময় ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উদ্বোধন কৰা আভ্যন্তৰীণ জল পৰিবহণৰ গুৱাহাটী গেটৱে টাৰ্মিনেলত উপস্থিত হৈ এই যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
এই উপলক্ষে পুৱাৰে পৰা নদী আৰক্ষী, এনডিআৰএফ আৰু এছডিআৰএফৰ জোৱানসকলে নদীখনত টহল দি সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা দেখা গৈছিল। মোদীৰ এই ভ্ৰমণৰ বাবে শনিবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীত ফেৰী সেৱা বন্ধ কৰি ৰখা বুলি জানিব পৰা গৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ, মৰিগাঁও, ডিব্ৰুগড়, কাছাৰ, শ্ৰীভূমি, বাক্সা, ডিমা হাচাও, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বি আংলং আৰু নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰা নিৰ্বাচিত কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীসকলে জৱাহৰ নৱোদয় বিদ্যালয় , পি এম শ্ৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, অসম জাতীয় বিদ্যালয়, ডন বস্কো প্ৰতিষ্ঠান, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়কে ধৰি চৰকাৰী, আৱাসিক আৰু বেচৰকাৰী বিদ্যালয়সমূহক প্ৰতিনিধিত্ব কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
‘পৰীক্ষা পে চৰ্চা’ ২০১৮ চনৰ পৰা বছৰি অনুষ্ঠিত হয় যাতে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে আৰু শিক্ষণ আৰু মানসিক স্বাস্থ্য উন্নত হয়। এই পদক্ষেপৰ লক্ষ্য হৈছে পৰীক্ষাৰ লগত জড়িত মানসিক চাপ হ্ৰাস কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পঢ়া-শুনা, কেৰিয়াৰৰ আকাংক্ষা, মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ক’বলৈ উৎসাহিত কৰা। কাৰ্যসূচীৰ সময়ত মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। লগতে শান্ত আৰু মানসিক চাপমুক্তভাৱে ব’ৰ্ড আৰু এন্ট্ৰেন্স পৰীক্ষাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত মূল্যৱান পৰামৰ্শ আগবঢ়ায়।