নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাস হত্যাৰ ২৮ বছৰ…
সাংবাদিকতাৰ ক্ষেত্ৰতখনত তেওঁ বহু অৱদান আগবঢ়াই গৈছে। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধেও কলম তুলি লৈছিল তেওঁ। সাংবাদিকতাৰ লগতে কেইবাখনো কিতাপ ৰচনা কৰিছিল তেওঁ। চাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলীপি তেওঁৰ দ্বাৰা ৰচিত কিতাপৰ ভিতৰত অন্যতম।

পৰাগ কুমাৰ দাস
নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৯ মে’ত সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰিছিল । সাংবাদিকগৰাকীৰ হত্যা আজি প্ৰায় ২৮ বছৰ হ’ল । সাংবাদিকতা জীৱনত সদায় অসম আৰু অসমীয়াৰ হকে মাত মাতি আহিছিল পৰাগ কুমাৰ দাসে। তেওঁ বিচাৰিছিল অসমৰ সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ শোষন নীতি তথা এখন শোষণমুক্ত অসম। সাংবাদিকগৰাকীয়ে সদায় আৰ্থনৈতিক স্বাধীনতা আৰু স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব দিছিল।
৮০ ৰ দশকত পৰাগত কুমাৰ দাসে প্ৰান্তিক আৰু দৈনিক অসম কাকতত স্তম্ভ লেখক হিচাপে নিজৰ সাংবাদিকতা জীৱনৰ আৰম্ভণী কৰিছিল। পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ প্ৰাখমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে চতুৰ্থ স্থান পাইছিল। তাৰ পাছতে দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু দিল্লীৰ স্কুল অৱ ইকনমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৮৪ চনত তেওঁ পঞ্জাব নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত হৈ কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰিছিল। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰি তেওঁ’অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগ দিছিল।
ইয়াৰ পূৰ্বে ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক ‘বুধবাৰ’ কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল তেওঁ । ১৯৯৪ চনৰপৰা ‘আগান’ আলোচনীৰ প্ৰকাশক আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে তেওঁ অসমীয়া প্ৰতিদিন কাকতত যোগদান কৰে। মৃত্যুৰ সময়লৈকে তেওঁ এই কাকতখনৰ সৈতে জড়িত হৈ আছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাস ‘ৰাষ্ট্ৰীয় নিৰাপত্তা আইন’ আৰু ‘টাডা আইন’ৰ অধীনত গ্ৰেপ্তাৰ হৈছিল। আনহাতে তেওঁৰ ‘স্বাধীনতাৰ প্ৰস্তাৱ’ নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰি বাজেয়াপ্ত কৰিছিল।
সাংবাদিকতাৰ ক্ষেত্ৰতখনত তেওঁ বহু অৱদান আগবঢ়াই গৈছে। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধেও কলম তুলি লৈছিল তেওঁ। সাংবাদিকতাৰ লগতে কেইবাখনো কিতাপ ৰচনা কৰিছিল তেওঁ। চাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলীপি তেওঁৰ দ্বাৰা ৰচিত কিতাপৰ ভিতৰত অন্যতম।
১৯৯৬ চনৰ ১৭ মে’ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল পৰাগ কুমাৰ দাসক। সন্তানক স্কুলৰ পৰা ঘৰলৈ লৈ যোৱাৰ সময়তে ৰাজগড়ৰ লিংকৰোডত অচিনাক্ত দুৰ্বৃত্তই পৰাগ দাসক গুলীয়াই হত্যা কৰিলে। তেওঁৰ হত্যাৰ অভিযোগ উত্থাপন হৈছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলীৰ বিৰুদ্ধে।
পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডই কঁপাই তুলিছিল সমগ্ৰ অসম। চাৰিওফালে সাব্যস্ত হৈছিল প্ৰতিবাদ। এই হত্যাকাণ্ডৰ ৬ বছৰ পাছত ২০০১ চনত চিবিআইয়ে দাখিল কৰিছিল ছাৰ্জশ্বীট। চিবিআইয়ে দাখিল কৰা ছাৰ্জশ্বীটৰ আগতেই দিগন্ত বৰুৱা আৰু তপন দত্তৰ হত্যা হৈছিল আৰু ২০০৩ চনত ডিব্ৰুগড়ত উন্মত্ত জনতাই নয়ন দাসক হত্যা কৰিছিল। একমাত্ৰ জীৱন্ত অভিযুক্ত আছিল মৃদুল ফুকন। কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত ২০০৯ চনৰ ২৮ তাৰিখে জিলা আৰু চেচন ন্যায়ালয়ৰ ন্যায়াধীশে অভিযুক্তক দোষমুক্ত বুলি ৰায় দিছিল।