ৰাজ্যত একত্ৰিত কৰা হৈছে ২৯০০ৰো অধিক চৰকাৰী বিদ্যালয়, সংসদত কেন্দ্ৰই দিলে তথ্য

অসমৰ শিক্ষা খণ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। ৰাজ্যত বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যত একত্ৰিত কৰা হৈছে ২৯০০ৰো অধিক চৰকাৰী বিদ্যালয়, সংসদত কেন্দ্ৰই দিলে তথ্য

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

02 Dec 2025 10:07 AM

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। কালি অধিৱেশনৰ প্ৰথম দিনটোত সদনত ভিন্ন দিশৰ ওপৰত আলোচনা হয়। প্ৰশ্নোত্তৰ ঘণ্টাৰ সময়ত সংসদৰ মজিয়াত বিৰোধী সাংসদে বিভিন্ন বিষয়ত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে কেন্দ্ৰই। প্ৰশ্নোত্তৰ ঘণ্টাৰ সময়তে অসমৰ শিক্ষা খণ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। ৰাজ্যত বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

এই তথ্য অনুসৰি, বিগত ৫ বছৰত ৰাজ্যত ২৯০০ৰো অধিক চৰকাৰী বিদ্যালয়ক সমীপৰ শিক্ষানুষ্ঠানৰ সৈতে একত্ৰিত কৰা হৈছে। অসমৰ সম্পদ সুশৃংখলিত কৰি শৈক্ষিক ফলাফল উন্নত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি লোকসভাত অৱগত কৰে কেন্দ্ৰই।

ৰাজ্যত বন্ধ হোৱা চৰকাৰী প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ সংখ্যা সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন কৰা হৈছিল। এই প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে অসমত কোনো চৰকাৰী বা প্ৰাদেশিক বিদ্যালয় বন্ধ হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পৰিৱৰ্তে বিদ্যালয়ৰ একত্ৰীকৰণহে কৰা হৈছে বুলি তেওঁ কয়।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে বিগত পাঁচ বছৰত ২,৭৭৪খন প্ৰাথমিক বিদ্যালয় আৰু ২০৬খন মাধ্যমিক বিদ্যালয় একত্ৰিত কৰা হৈছে। শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে সংসদৰ মজিয়াত সদৰী কৰে।

এই আঁচনিৰ আধাৰত উপলব্ধ সম্পদসমূহৰ উন্নত ব্যৱহাৰ নিশ্চিত কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। এই একত্ৰীকৰণ প্ৰক্ৰিয়াই শিক্ষাৰ অধিকাৰ আইন, ২০০৯ত উল্লেখ কৰা নীতি আৰু নিৰ্দেশনাসমূহ সম্পূৰ্ণ অনুসৰণ কৰে বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে।

শিক্ষকৰ নিয়োগ ব্যৱস্থা সহজ কৰি তোলাৰ লগতে আধাতে বিদ্যালয় এৰা অৰ্থাৎ ড্ৰপআউটৰ হাৰ হ্ৰাস কৰিবলৈ অনুমোদিত দূৰত্বৰ নীতি অনুসাৰে এনে ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ লগতে কয়। ইফালে বিদ্যালয় একত্ৰীকৰণৰ বাবে কোনো ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ নীতি অনুসাৰে ছাত্ৰ-ছাত্ৰীসকলে নিজ অঞ্চলৰ ভিতৰত বিদ্যালয় শিক্ষাৰ সুবিধা লাভ কৰিছে বুলিও তেওঁ কয়। লগতে একত্ৰীকৰণ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে, সেই দিশতো গুৰুত্ব দিয়া হৈছে বুলি সংসদত কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ফেটি লিভাৰ হ’লে মুখত দেখা দিয়ে এই ৭ টা লক্ষণ, জানি ল’লে হ’ব পাৰিব সাৱধান
শৰীৰত প্ৰটিনৰ অভাৱ হ'লে কি হয় ? ইয়াৰ ৪ টা মূল লক্ষণ জানক...
ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰাত সহায়ক এই ৬বিধ ছুপাৰফুড, জানি লওক এতিয়াই
ভংগ শচীনৰ এটা ৰেক’ৰ্ড, আন এটা ঈৰ্ষণীয় অভিলেখ ভংগৰ দিশে বিৰাট কোহলী
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী