অৰুণোদয় আঁচনিখনৰ বাবে মহিলাসকলৰ আদৰ-সন্মান বাঢ়িছে: মুখ্যমন্ত্রী

আজি মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যখনত প্রায় ৪০ লাখ আত্মসহায়ক গোটৰ সদস্যা আছে আৰু ইয়াৰে ইতিমধ্যে প্রায় ৮ লাখ মহিলাই বছৰি ব্যৱসায়-বাণিজ্য কৰি এক লাখ টকাতকৈও অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈ উঠিছে। এই মহিলাসকলৰ সংগঠিত শক্তিক সামাজিক আৰু ব্যক্তিগত দুয়োটা পর্যায়তে সহায়ৰ হাত আগবঢ়াই এখন আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে।

অৰুণোদয় আঁচনিখনৰ বাবে মহিলাসকলৰ আদৰ-সন্মান বাঢ়িছে: মুখ্যমন্ত্রী
Published: 

11 Nov 2025 20:10 PM

মহিলা সবলীকৰণৰ দিশত ৰাজ্যত ৰূপান্তৰমুখী যাত্রা অব্যাহত ৰাখিছে অসম চৰকাৰে। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰহা বিধানসভা সমষ্টিৰ ৩৭,৮৩৩ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। ইয়াৰে ৩৬,৭০৪ গৰাকী গ্রামাঞ্চলৰ আৰু ১,১২৯ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ মহিলা।

ৰহা ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত এখন বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ‘ৰহা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আটাইতকৈ বেছি হিতাধিকাৰী আছে। সমষ্টিটোত আজি প্রায় ৪০ হাজাৰ আই-মাতৃয়ে ১০ হাজাৰকৈ টকা লাভ কৰা মানে ৰহা সমষ্টিয়ে প্রায় ৪০ কোটি টকা লাভ কৰিব। ৰাজ্যখনত প্রায় ৪০ লাখ আত্মসহায়ক গোটৰ সদস্যা আছে আৰু ইয়াৰে ইতিমধ্যে প্রায় ৮ লাখ মহিলাই বছৰি ব্যৱসায়-বাণিজ্য কৰি এক লাখ টকাতকৈও অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈ উঠিছে। এই মহিলাসকলৰ সংগঠিত শক্তিক সামাজিক আৰু ব্যক্তিগত দুয়োটা পর্যায়তে সহায়ৰ হাত আগবঢ়াই এখন আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে। আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ নিজৰ পৰিয়ালৰ লগতে সামগ্রিকভাৱে ৰাজ্যখনৰ অৰ্থনীতিলৈ মহিলা সমাজে কিদৰে বৰঙণি আগবঢ়াইছে সেই দিশতো সভাত মুখ্যমন্ত্রীয়ে উদাহৰণ দাঙি ধৰে।’

ৰহা সমষ্টিৰ লাখপতি বাইদেউৰ সফলতাৰ কাহিনী উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘সমষ্টিটোৰ দক্ষিণপাট সত্ৰ গাঁৱৰ বিজুমণি কাকতিয়ে ২০২৩ চনৰ পৰা সামুহিক বিনিয়োগ পুঁজি আৰু বেংক আদিৰ লগত জড়িত হৈ হস্ততাঁত আৰু মৰাপাটেৰে সামগ্ৰী প্রস্তুত কৰি আজি মাহে ৩০ হাজাৰ টকাকৈ বছৰি প্রায় ৩ লাখ ৬০ হাজাৰ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। তেনেদৰে, সমষ্টিটোৰ আমচৈ গাঁৱৰ সুন্দৰা পাটৰে গাহৰি, ছাগলি, কুকুৰা আৰু ধানখেতি আদিৰে মাহে ১৪ হাজাৰ টকাকৈ বছৰি প্ৰায় ১লাখ ৬৮ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে এই উদ্যমী মহিলাসকলৰ সাফল্যই প্ৰমাণ কৰিছে যে চৰকাৰৰ সদিচ্চা আৰু সহায়ত মহিলা সমাজে স্ব-নিৰ্ভৰশীল হৈ সমাজ আৰু অৰ্থনীতিত গৌৰৱজনক স্থান লাভ কৰিব পাৰে।’

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ বিষয়ে সভাত উপস্থিত মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্রীয়ে কয় যে, ‘উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে, তেনেহলে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। নতুবা তেওঁলোকে নিজস্বভাৱেও কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰে।’

পুনৰ তেওঁ কয় যে, ‘মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্‌ ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব। অহা বছৰৰ পৰা বহু চৰকাৰী আঁচনি তিনিটাতকৈ বেছি সন্তান থকা পৰিয়ালে নাপাব বুলি সভাত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। বৰ্তমান চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে নিৰন্তৰ কৰ্মযজ্ঞ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সামাজিক আৰু অর্থনৈতিকভাৱে মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ দিশত ৰাজ্য চৰকাৰে কাম কৰি আছে। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত ৰাজ্যত বৰ্তমান বাল্য বিবাহ প্রায় বন্ধ হৈছে।’

চৰকাৰে বহু বিবাহ ৰোধৰ বাবে অসম বিধানসভাত আইন প্রণয়নৰ দিশত আগবঢ়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, ‘এজন পুৰুষে যদি দ্বিতীয় বিবাহ কৰে তেন্তে তেওঁৰ সাত বছৰ পৰ্যন্ত কাৰাবাস হ’ব। অহা ২৫ নৱেম্বৰত অসম বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হ’ব। এনেদৰে অসমৰ মহিলা সমাজক সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।’

মহিলা উদ্যমিতা অভিযান, বাল্য বিবাহ ৰোধ, বহু বিবাহ ৰোধৰ সমান্তৰালভাৱে চৰকাৰে কন্যাসকলৰ শিক্ষা গ্রহণত যাতে কোনো অসুবিধা নহয় তাৰ বাবে নিযুত মইনা আঁচনিখন আৰম্ভ কৰিছে চৰকাৰে। আজি অসমত বিদ্যালয়-মহাবিদ্যালয়সমূহত অধ্যয়নৰত ৪ লাখ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ১১৭ টকাতে ১ কেজিকৈ মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনি আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘অহা জানুৱাৰী মাহৰ পৰা ১০০ টকাতে ১ কেজিকৈ মচুৰ দাইল, চেনি আৰু নিমখ যোগান ধৰা হ’ব। ৰহা সমষ্টিত নতুনকৈ চাৰি হাজাৰ পৰিয়ালক অৰুণোদয় প্রদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলৰ সুবিধাৰ্থে পূৰ্বৰ কোনো চৰকাৰে ইমানবোৰ আঁচনি তথা পদক্ষেপ গ্রহণ কৰা নাছিল। ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণক সহায় কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা অৰুণোদয় আঁচনিখনৰ বাবে মহিলাসকলৰ আদৰ-সন্মান বাঢ়িছে।’

আজিৰ এই অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ক্রমে শশীকান্ত দাস, ৰূপক শৰ্মা, জিতু গোস্বামী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ উপৰি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱতী, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি ৰহা (২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ) ৰ পৰা চাপৰমুখ ৰে’লৱে জংচন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী পথত ৮৪.৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১.১৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুইলেনযুক্ত চাপৰমুখ ৰে’লৱে উৰণ সেতুখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ উপৰি মাণ্ডলিক ৰে’ল প্ৰৱন্ধক, লামডিঙৰ সমীৰ লোহানী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

স্তনৰ বিষ অনুভৱ হৈ থাকে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
ছাল আৰু চুলিৰ বাবে উপকাৰী এই পাত, গুণ জানি হ'ব আচৰিত!
ৰাতি টোপনি নাহিলে কি কৰিব? এই সমস্যা কিয় হয়? জানক
এই তিনিবিধ খাদ্যই বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা? জানক...