কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি! দুৰ্ঘটনাত পতিত বাহন জ্বলাই দিলে স্থানীয় লোকে, নিহত ১, আহত ৪জন…
এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন জ্বলাই দিয়ে স্থানীয় লোকে। যাৰ ফলত ১ জন নিহত আৰু ৪জন আহত হয়।

কোকৰাঝাৰত ভয়ংকৰ ঘটনা
সোমবাৰ (১৯ জানুৱাৰী)য়ে সন্ধিয়া প্ৰায় ৭ মান বজাত হোৱা এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে, কালি সন্ধিয়া কোকৰাঝাৰ জিলাৰ ৩১ নম্বৰ ঘাইপথৰ কাৰিগাঁওৰ সমীপৰ গৌৰী নগৰত এক পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ পাছতে ক্ষুব্ধ হৈ স্থানীয় লোকে গাড়ীখন জ্বলাই দিয়ে আৰু যাত্ৰীসকলক বেয়াকৈ প্ৰহাৰ কৰে। যাৰ ফলত এজন নিহত হোৱাৰ লগতে ৪ জন আহত হৈছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। আহতসকলক কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই পথ দুৰ্ঘটনাত নিহত লোকজন কোকৰাঝাৰৰ কাজিগাওঁ থানাৰ অন্তৰ্গত বাশবাৰী ২য় খণ্ডৰ চিকনা জৗহালৗও বিছমিট(৩২) বুলি জানিব পৰা গৈছে। ইফালে আহত কেইজন মহেশ মুৰ্মু(৫০) ,সুনীল মুৰ্মু(৪০), পিতা-পুত্ৰ ক্ৰমে প্ৰভাত ব্ৰহ্ম(৫০) যুগিৰাজ ব্ৰহ্ম(১৭) বুলি জানিব পৰা গৈছে। ইফালে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী হাস্পাতালত উপস্থিত হয়। তেওঁ মৃতকলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। লগতে এই ঘটনাক গৰিহনা দিয়ে।
সূত্ৰ অনুসৰি, জানিব পৰা মতে, ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে আওডাং বজাৰলৈ যোৱা ৰাস্তাটো নিৰ্মানৰ বাবে ঠিকা লাভ কৰিছিল বাৰোন্দা বসুমতাৰী নামৰ লোকজনে। সেই সূত্ৰে তেওঁ জোঁৱাই চিকনা জৗহৗলাও ছিখনা বিছমিতসহ আন দুজন লোকে কৰ্মস্থলীৰ পৰা সামগ্ৰী লৈ আহোতে গৌৰীনগৰত এক পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাৰ ফলত বাগৰি পৰে বাহনখন। এই কথাত ক্ষুব্ধ হৈ স্থানীয় লোকে স্কৰপিঅ’ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰি পাছত জ্বলাই দিয়ে। ইমানেই নহয়, একাংশ উত্তেজিত লোকে বেয়াকৈ প্ৰহাৰকৰে বাহনখনত থকা আটাইকেইজনক।
এই ঘটনাৰ ফলত এজন নিহত আৰু ৪ জন আহত হয়। ইয়াকে লৈ এতিয়াও সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰি ৰাখিছে। লগতে কাৰিগাঁও যোৱা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ কি হৈছিল নিশা? ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰ ৫জনৰ মৃতদেহ…