অখিল গগৈক বিজেপিৰ সমালোচনাৰ পৰা ভাৰত-দঃ আফ্ৰিকাৰ টি-২০ মেচলৈ দিনটোৰ শীৰ্ষ খবৰসমূহ
উত্তৰ-পূব বিতৰ্কক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰীৰ। অখিল গগৈক সমালোচনা বিজেপিৰ। এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে। চাওক আজিৰ দিনটোৰ শীৰ্ষ খবৰ।

অখিল গগৈ
আজি দিনটোৰ ৯ গুৰুত্বপূৰ্ণ খবৰত চকু ফুৰাওক পলকতে-
১. উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে বাংলাদেশী নেতাই দিয়া ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে বিগত এবছৰৰো অধিক সময় বাংলাদেশৰ একাংশই উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ কথা-বতৰাত লিপ্ত হৈছে। এনে ধাৰণাই ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এনে কথা-বতৰা অব্যাহত থাকিলে নতুন দিল্লীয়ে দৃঢ় সঁহাৰি দিব।
২. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যক সমালোচনা ৰাজ্যিক বিজেপিৰ। দলটোৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে কয় যে হত্যাৰ অভিযুক্তৰ সৈতে গোপন সম্পৰ্ক ৰাখিছে অখিল গগৈয়ে। লগতে ৭ অভিযুক্তৰ হৈ বিধায়কগৰাকীয়ে উকীলৰ দৰে কাম কৰা বুলিও অভিযোগ কৰে বিজেপিয়ে। অখিল গগৈয়ে চাৰ্জশ্বীটৰ প্ৰতিলিপি কেনেকৈ লাভ কৰিলে বুলিও প্ৰশ্ন কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।
৩. গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসত চাঞ্চল্যকৰ ঘটনা। মহাবিদ্যালয়ৰ অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাবাসৰ শৌচাগাৰত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ। মৃত ছাত্ৰজনৰ নাম ৰুবাইল আলম। যোৱা ১২ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন। এই ঘটনাক হত্যাকাণ্ড আখ্যা পৰিয়ালৰ লোকৰ।
৪. ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বেই নলবাৰীত নিঃশেষ হ’ব কংগ্ৰেছ দল। বুধবাৰে এই মন্তব্য কৰে জয়ন্ত মল্লবৰুৱাই। বুধবাৰে এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ‘২৬ ৰ নিৰ্বাচনৰ বাবে নিজ সমষ্টিত ব্যাপক কুচকাৱাজ চলাই আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
৫. ১৭ দিন অতিক্ৰম কৰিলে ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদে। চৰকাৰে তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ১০৮ কৰ্মচাৰীৰ সভাপতি-সম্পাদকৰ। তেওঁলোকে কয় যে এম্বুলেঞ্চ ৰখাই তেওঁলোকে কোনো ৰোগীক হাৰাশাস্তি কৰা নাই। স্বাস্থ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ সময়ত তেওঁ দিয়া প্ৰতিশ্ৰুতিত আশ্বস্ত নহয় বুলিও কয় তেওঁলোকে।
৬. ২০২৬ ত কোনো কাৰণতে মিত্ৰতা নহয় AIUDF ৰ সৈতে। এই কথা স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ কয় যে শাসকীয় বিজেপিৰ দৰেই সাম্প্ৰদায়িক দল AIUDF । এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে হাত মিলাই আন এটা সাম্প্ৰদায়িক শক্তিক পৰাস্ত কৰিব নোৱাৰি বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
৭. নৰেন্দ্ৰ মোদী চৰকাৰে চক্ৰানন্তমূলকভাৱে নিঃশেষ কৰিব খুজিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ স্মৃতি। এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগাৰ নাম সলনি কৰি নতুন ৰূপ দিবলৈ লোৱা সিদ্ধান্তৰ সমালোচনা কৰি এইদৰে কয় নেতাগৰাকীয়ে।
৮. উত্তৰ-পূৰ্বাঞ্চলক লৈ বাংলাদেশী নেতাই কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ। বুধবাৰে বাংলাদেশৰ উচ্চায়ুক্তক তলব কৰি এই বিষয়ত আপত্তি দৰ্শাই বিদেশ মন্ত্ৰণালয়ে। তাৰোপৰি বাংলাদেশত তথা ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাকলৈও উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰণালয়ে। ভাৰতে ঢাকাত বাংলাদেশী নাগৰিকৰ বাবে ভিছা সম্পৰ্কীয় কাম বন্ধ কৰি দিয়াৰো সকীয়নি দিয়ে।
৯. আজি শৃংখলাৰ চতুৰ্থখন টি-২০ মেচত মুখামুখি হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকা। লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে মেচখন। ইতিপূৰ্বে দুখন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে এখন মেচত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই। বৰ্তমানলৈকে শৃংখলাত ২-১ ৰ ব্যৱধানত অগ্ৰগতি ভাৰতৰ।