কোনো হিন্দু বিদেশী নহয় ভাৰতত! মন্তব্য দিলীপ শইকীয়াৰ, হীৰেন গোহাঁই সন্দৰ্ভত ক’লে এইদৰে…

শেহতীয়াকৈ ড° হীৰেণ গোহাঁইয়ে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বাবে অসমীয়া জাতিৰ বিপদ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল। বিশিষ্ট চিন্তাবিদগৰাকীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়াই তীক্ষ্ণ বক্তব্য প্ৰদান কৰে।

কোনো হিন্দু বিদেশী নহয় ভাৰতত! মন্তব্য দিলীপ শইকীয়াৰ, হীৰেন গোহাঁই সন্দৰ্ভত ক’লে এইদৰে...

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া

Updated On: 

06 Sep 2025 13:42 PM

ৰাজ্যত শেহতীয়া কিছুদিন ধৰি পুনৰ চৰ্চিত হৈছে নাগৰিকত্বৰ প্ৰসঙ্গ। কেন্দ্ৰীয় চৰকাৰে ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ এক্ট, ২০২৫ কাৰ্যকৰী কৰাৰ পিছতে অসমত এই বিষয়ত ব্যাপক চৰ্চা চলিছে। এই আইনখনৰ জৰিয়তে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ধৰ্মীয় সংখ্যালঘুসকলক বিশেষ ৰেহাই দিয়া হৈছে। সেই অনুসৰি এই দেশকেইখনৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলে ভাৰতত থাকিবলৈ অনুমতি লাভ কৰিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত যোৱা ২ ছেপ্টেম্বৰত এক অধিসূচনা প্ৰকাশ কৰাৰ পিছতে অসমত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। ৰাজ্যৰ ভিন্ন প্ৰান্ত বহু দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে কিছুদিন পূৰ্বে অসম চৰকাৰে অ-মুছলমান লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশনা দিয়াক কেন্দ্ৰ কৰিও সৃষ্টি হৈছে প্ৰতিবাদৰ।

এনে পৰিস্থিতিৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ মতে, ভাৰতবৰ্ষত কোনো হিন্দু ব্যক্তিয়েই বিদেশী নহয়। কোনো বঙালী হিন্দুৱেই ভাৰতবৰ্ষত অসুৰক্ষিত অনুভৱ কৰিব নালাগে বুলি দিলীপ শইকীয়াই লগতে মন্তব্য কৰে।

শুকুৰবাৰে নিশা গোৰেশ্বৰৰ শুক্লাইত তামুলপুৰ জিলা বিজেপিৰ পাঁচটা সমষ্টিৰ ক’ৰ কমিটীৰ নিৰ্বাচনী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। তেওঁৰ লগতে কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাও বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত দিলীপ শইকীয়াই বহু বিস্ফোৰক মন্তব্য কৰে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে হিন্দু বঙালীসকলৰ ডি ভোটাৰ সমস্যা সন্দৰ্ভত নতুন ফৰ্মূলা দাঙি ধৰে। তেওঁৰ স্পষ্ট মত, ভাৰতত থকা বঙালী ভাষী হিন্দুৱে হওক বা বাংলাদেশত থকা বঙালী ভাষী হিন্দুৱে হওক- ‘ন হিন্দু বিদেশী ভবেত’, অৰ্থাৎ কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয় বুলি তেওঁ দৃঢ়তাৰে কয়।

দিলীপ শইকীয়াই কয়, “বঙালী হিন্দু, অসমীয়া হিন্দু বা বিহাৰী হিন্দু বুলি কোনো কথা নাই। সনাতনী হিন্দু বা হিন্দুস্তানৰ মূল অভিবাসী সকলোৰে সংৰক্ষণ, শৰণ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষা দিয়াতো আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। গতিকে কোনো হিন্দুৱে ভাৰতবৰ্ষত অসুৰক্ষিত অনুভৱ কৰিব নালাগে।”

ইফালে বিজেপিৰ সভাপতিগৰাকীয়ে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই সন্দৰ্ভতো তীক্ষ্ণ বক্তব্য প্ৰদান কৰে। শেহতীয়াকৈ ড° হীৰেণ গোহাঁইয়ে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বাবে অসমীয়া জাতিৰ বিপদ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল। বিশিষ্ট চিন্তাবিদগৰাকীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলীপ শইকীয়া হীৰেণ গোহাঁইৰ বাবে অসমত বহু সমস্যা হৈছে বুলি দাবী কৰে।

চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?