চাপৰ হোৱাৰ বাবেই বিয়াৰ ৬ দিনৰ পিছতে স্বামীগৃহৰ পৰা উলিয়াই দিলে ন-কইনাক, মহানগৰীত চাঞ্চল্য…

২ জুনত শুক্লেশ্বৰ মন্দিৰত সামাজিকভাৱে ৰূপায়ন হৈছিল বিবাহৰ কাৰ্যসূচী । তেতিয়ালৈ সকলো ঠিকে আছিল, কিন্তু কইনা আহি শহৰৰ ঘৰ পোৱাতহে লাগিল অথন্তৰ। দৰাই কোনোপধ্যই স্বীকাৰ নকৰে কইনাক। কাৰণ তেওঁ চাপৰ।  বিয়াৰ এসপ্তাহো নৌহওতেই কইনাৰ ওপৰত আৰম্ভ হ’ল শাৰিৰীক-মানসিক অত্যাচাৰ।

চাপৰ হোৱাৰ বাবেই বিয়াৰ ৬ দিনৰ পিছতে স্বামীগৃহৰ পৰা উলিয়াই দিলে ন-কইনাক, মহানগৰীত চাঞ্চল্য...

চাপৰ হোৱা বাবে স্বামীগৃহৰ পৰা উলিয়াই দিলে ন-কইনাক

Updated On: 

11 Jun 2025 11:25 AM

মহানগৰীত সংঘটিত এক আজৱ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বিবাহৰ ৬ দিনৰ পিছতে কইনা উভতি যাবলগীয়া হ’ল মাতৃগৃহলৈ। মহানগৰীৰ ওডালবাক্ৰাৰ নিজৰা পথত সংঘটিত হৈছে এই ঘটনা। চাপৰ হোৱা বাবে বিয়াৰ পিছৰ পৰাই অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।  আঠ মঙলালৈ নগৈ ন-কইনাক দৰাৰ ককায়েকৰ সৈতে ঘৰ পাতিবলৈ অশ্ৰাব্য প্ৰস্তাৱ দিলে দৰা ৰাজকুমাৰ দাসে।

এই কথা শুনি হয়তো আপুনি আচৰিত হৈছে, কাৰণ এনে ঘটনা এইখন অসমত আজিলৈ হোৱা নাছিল, কিন্তু এয়াই সঁচা।  ৪ দিন পূৰ্বে বিয়া পাতি অনা পত্নীৰ ভনীয়েককহে বিয়া পতাৰ প্ৰস্তাৱ চাকৰিয়াল বুলি গৌৰৱ কৰা দৰা ৰাজকুমাৰ দাসৰ।ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীৰ কাহিলীপাৰাৰ ওদালৱাক্ৰাত হাহাকাৰ পৰিস্থিতি। জুনত মায়ঙৰ পৰা ৰাজকুমাৰ দাসে বিয়া কৰাইছিল যুৱতীগৰাকীক। কিন্তু বিয়াৰ ৪ দিনত সলনি হ’ল দৰাৰ মন । কইনা চুটি-চাপৰ হোৱাৰ বাবেই বিয়াৰ ৬ দিনৰ পিছতে গতিয়াই বাহিৰ কৰি দিলে শাহুৱেকে। ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটীৰ কাহিলীপাৰাৰ ওদালৱাক্ৰাত হাহাকাৰ পৰিস্থিতি।

২ জুনত শুক্লেশ্বৰ মন্দিৰত সামাজিকভাৱে ৰূপায়ন হৈছিল বিবাহৰ কাৰ্যসূচী । তেতিয়ালৈ সকলো ঠিকে আছিল, কিন্তু কইনা আহি শহৰৰ ঘৰ পোৱাতহে লাগিল অথন্তৰ। দৰাই কোনোপধ্যই স্বীকাৰ নকৰে কইনাক। কাৰণ তেওঁ চাপৰ।  বিয়াৰ এসপ্তাহো নৌহওতেই কইনাৰ ওপৰত আৰম্ভ হ’ল শাৰিৰীক-মানসিক অত্যাচাৰ। আনকি দিয়া হৈছিল হত্যাৰ ভাবুকি। তাৰ পিছত দৰাই ক’লে ন-কইনাৰ কনিষ্ঠ ভগ্নীক বিয়া কৰোৱাৰ কথা। ইফালে কইনাই নেৰে শহুৰৰ ঘৰ। সেই সময়তে আহিল আন এটা প্ৰস্তাৱ। ৰাজকুমাৰৰ ককায়েক ৰাজেন দাসৰ লগত থাকিবলৈ চৰ্ত বান্ধ দিলে কইনাক। কিন্তু ৰাজেন দাসে পূৰ্বে দুবাৰকৈ বিয়া পতিছে।

ইয়াৰ মাজতে কইনাৰ উত্থাপন কৰিলে আন এক গুৰুতৰ অভিযোগ।  জোৰ জবৰদস্তি কৰি শাৰিৰীক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ লগত ৰাখিব নিবিচাৰা কইনাৰ । এতিয়া এই কাণ্ডৰ বিৰোধিতা কৰি ওলাই আহিছে স্থানীয় ৰাইজ।  স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ঘৰখনে পূৰ্বৰে আছে এনে ঘটনা সংঘটিত কৰি আহিছে।  ২গৰাকী বিয়া পাতি বিচ্ছেদ হৈছে দৰাৰ ককায়েক ৰাজেন দাসৰ । ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ঘেৰাও কৰো অভিযুক্তৰ ঘৰ। আৰক্ষীও আহিল। আনহাতে পলাতক দৰা ৰাজকুমাৰ দাস।

পলাতক দৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পেচকৰ বিভাগত কৰ্মৰত। দৰাৰ পিতৃয়ে দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চাকৰি কৰে। যাৰ বাবে এতিয়া আৰক্ষীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ কইনাৰ পৰিয়ালৰ।

ৰোহিত-কোহলীৰ পৰা ধাৱানলৈ, আহমেদাবাদ দুৰ্ঘটনা সন্দৰ্ভত এইদৰে শোক প্ৰকাশ কৰিলে ভাৰতীয় ক্ৰিকেটাৰে
টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ বিশেষ পৰিকল্পনা, দেখা যাব পাৰে এনে প্ৰস্তুতি…
শনিদেৱৰ পূজাত নকৰিব এইকেইটা ভুল, বিপদ অনিবাৰ্য!
কি বেমাৰৰ বাবে মুখত আৰু জিভাত বাৰে বাৰে ঘা হয়? জানক...