দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ বৈঠক | Newly Formed Assam Pradesh Congress Committee First Strategic Meeting with High Command in Delhi Assam news - Assam Tv9

২৬ ৰ বাবে কেনেদৰে আগবাঢ়িব ? দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ প্ৰথমখন বৈঠক…

Updated On: 

30 May 2025 17:52 PM

সাংসদ গৌৰৱ গগৈৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব দিয়াৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰে প্ৰথমখন বৈঠক আজি দিল্লীত অনুষ্ঠিত হয় । বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, প্ৰাক্তন দলৰ মুৰব্বী ৰাহুল গান্ধী, এআইচিচিৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু অসমৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ।

1 / 5সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰে প্ৰথমখন বৈঠক আজি দিল্লীত অনুষ্ঠিত হয় । বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ,নৱনিযুক্ত কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন শিকদাৰ, প্ৰদীপ সৰকাৰ, ৰৌজলীনা তিৰ্কী, নৱনিযুক্ত নিৰ্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষ ভূপেন বৰা, নৱনিযুক্ত সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষ দেৱব্ৰত শইকীয়া, নৱনিযুক্ত প্ৰচাৰ কমিটীৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু নৱনিযুক্ত নিৰ্বাচনী পৰিচালনা কমিটীৰ অধ্যক্ষ ৰিপুন বৰা ।

সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰে প্ৰথমখন বৈঠক আজি দিল্লীত অনুষ্ঠিত হয় । বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ,নৱনিযুক্ত কাৰ্যকৰী সভাপতি ক্ৰমে জাকিৰ হুছেইন শিকদাৰ, প্ৰদীপ সৰকাৰ, ৰৌজলীনা তিৰ্কী, নৱনিযুক্ত নিৰ্বাচনী প্ৰচাৰ কমিটীৰ অধ্যক্ষ ভূপেন বৰা, নৱনিযুক্ত সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষ দেৱব্ৰত শইকীয়া, নৱনিযুক্ত প্ৰচাৰ কমিটীৰ অধ্যক্ষ ৰকিবুল হুছেইন আৰু নৱনিযুক্ত নিৰ্বাচনী পৰিচালনা কমিটীৰ অধ্যক্ষ ৰিপুন বৰা ।

2 / 5

বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, প্ৰাক্তন দলৰ মুৰব্বী ৰাহুল গান্ধী, এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অসমৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং । বৈঠকখন নতুন দিল্লীৰ ইন্দিৰা ভৱনত অনুষ্ঠিত হয় ।

3 / 5

বৈঠকত কি আলোচনা হ'ল সেই কথা সঠিকভাৱে এতিয়াও জানিব পৰা হোৱা নাই । কিন্তু বৈঠকখন এক প্ৰকাৰে নিৰ্বাচন কেন্দ্ৰিক আছিল । ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশলকলৈ বৈঠকত প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটীৰ সৈতে কেন্দ্ৰীয় নেতৃত্বই বিশদভাৱে আলোচনা কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

4 / 5

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছত কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰে এইখন প্ৰথম বৈঠক। উল্লেখ্য যে, সামাজিক মাধ্যমৰ জৰিয়তে সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নেতৃত্বত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত নৱগঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য সকলৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ কথা সদৰী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

5 / 5

ইফালে, গৌৰৱ গগৈয়ে কয়, "অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ-নিযুক্ত সভাপতি হিচাপে এই বৈঠক মোৰ বাবে এক প্ৰেৰণাদায়ক মুহূৰ্ত আছিল। দলৰ শীৰ্ষ নেতৃত্বৰ পৰা দলীয় দিশ-নিৰ্দেশনা লাভ কৰিলোঁ আৰু সংগঠনক নতুন উদ্যম আৰু প্ৰতিশ্ৰুতিৰে সৈতে আগুৱাই নিয়াৰ সংকল্প আৰু অধিক সুদৃঢ় হ’ল।"

হাওঁফাওঁ বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
হাড় শক্তিশালী কৰিবলৈ কি খাব লাগে? সবিশেষ জানক
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...