অত্যন্ত বেদনাদায়ক, কাকো বিশ্বাস কৰিব নোৱাৰি! GMCH ত নৱজাতকৰ মৃত্যু সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…

আজি পুৱা জি এম চি এইচত সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। বিচনাৰ পৰা পৰি মৃত্যু এটি নৱজাতকৰ। এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিছে।

অত্যন্ত বেদনাদায়ক, কাকো বিশ্বাস কৰিব নোৱাৰি! GMCH ত নৱজাতকৰ মৃত্যু সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰীয়ে...

জি এম চি এইচ

Published: 

18 Aug 2025 20:00 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সন্দৰ্ভত গঠন কৰা হৈছে তিনিজনীয়া কমিটী। এই কমিটীত আছে অতিৰিক্ত মুখ্য সচিব ছুইটী চাংছন, ডি এম ই আৰু এইমছৰ চিকিৎসক। জানিব পৰা মতে, আজি নিশা ৯ বজাত জিএমচিএইচ পৰিদৰ্শ কৰি ঘটনাৰ বুজ ল’ব মুখ্যমন্ত্ৰী শৰ্মাই। এই ঘটনা সঁচাকৈ বেদনাদায়ক বুলি কয় শৰ্মাই।

শৰ্মাই কয় যে, “এই  ঘটনা যথেষ্ঠ দুখজনক। এনে সাধাৰণতে নহয়। চিচিটিভি পৰীক্ষা কৰক। তদন্ত কমিটী অধ্যক্ষই নিৰ্মাণ কৰিছে। যিটো কেঁচুৱা আঁতৰি গ’ল, উভতাই আনিব নোৱাৰো। কিন্তু পিতৃ-মাতৃক সান্তনা দিবলৈ চেষ্টা কৰিব। কেনেকৈ পৰি গ’ল চিচিটিভিত চোৱা হ’ব। অধ্যক্ষই তাত ২৬ টা শিশু আছিল বুলি কৈছে। কিন্তু কাকো বিশ্বাস কৰিব নোৱাৰি। গতিকে আৰক্ষীয়ে তদন্ত কৰক। যদি কাৰোবাৰ গাফিলতিৰ বাবে এনে কাণ্ড হৈছে তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব”।

তথ্য অনুসৰি, ১৫ আগষ্টত GMCHত জন্ম হৈছিল নুনমাটিৰ উৎপল বৰদলৈৰ এটি কন‍্যা সন্তান। নৱজাতকটিৰ স্বাস্থ‍্য কিছু অৱনতি ঘটাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিয়ালে ভৰ্তি কৰোৱাই NICU ত। নিয়ম অনুসৰি, NICU ৰ বিচনাত এটাকৈ সন্তান ৰখাৰহে অনুমতি আছে কিন্তু জি এম চি এইচ কৰ্তৃপক্ষই ৪-৫টাতৈ সন্তান ৰখাৰ অভিযোগ উত্থাপন হৈছে। তাৰ মাজতে আজি ঘটে অনাকাংক্ষিত ঘটনা। সোমবাৰে পুৱা বিচনাৰ পৰা পৰি মৃত্যু হয় নৱজাতকৰ।

এই ঘটনাৰ বাবে শিশুটিৰ পৰিয়ালৰ লোকে দেওবাৰে নিশা NICU ৰ দায়িত্বত থকা চিকিৎসকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। স্বাস্থ্যকৰ্মীৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি কয় শিশুটিৰ পিতৃয়ে। পৰহি শিশুটিৰ সৈতে খেলি আছিল পিতৃয়ে, কিন্তু আজি পুৱাই হয় অনাকাংক্ষিত মৃত্যু। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নৱজাতকটিৰ পিতৃ আৰু পৰিয়ালে GMCH কৰ্তৃপক্ষৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে।

ঘটনা সন্দৰ্ভত জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই কয় যে, “পুৱা প্ৰায় ৫.২২ ত সংঘটিত হয় এই ঘটনা। তাৰ পাছতে আমাৰ চিকিৎসকৰ দল উপস্থিত হয়। ঘটনা কেনেকৈ সংঘটিত হ’ল ,আমি তদন্ত ঘোষণা কৰি আছো। কেনেকৈ শিশুটি পৰিল আমি চাব দিছো। এই ক্ষেত্ৰত চিচিটিভি পৰীক্ষা কৰা হ’ব। সেই সময়ত নাৰ্ছ আছিল নে নাই চোৱা হ’ব। যদি প্ৰমাণিত হয় তেন্তে দোষীয়ে শাস্তি লাভ কৰিব”। ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ প্ৰতি গুৰুত্ব দিব বুলি কয় তেওঁ।

 

 

অন্য খবৰ পঢ়কঃ GMCH ত ভয়ংকৰ ঘটনা! NICU ত বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু…

 

উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক...
আধাৰ PVC কাৰ্ড অনলাইন অৰ্ডাৰ কেনেকৈ কৰিব ? সহজ উপায় জানক
এছিয়া কাপৰ চৰ্চাৰ মাজতে ৰিয়ানৰ কান্ধত গধুৰ দায়িত্ব, সহ-অধিনায়ক হিচাপে দিয়া হ’ল নিযুক্তি
চকুৰ তলত কিয় ক'লা বৃত্ত গঠন হয়? জানক ইয়াৰ কাৰণ...