ভয়ংকৰ বিপদত নগাঁও, ধনৰ লোভত বিক্ৰী কৰিছে নিজৰ বৃক্ক!

শেহতীয়াকৈ গাঁওখনৰ গাঁও প্ৰধানৰ লগতে একাংশ সচেতন মহিলাই গাঁও খনৰ লোক সকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। ইফালে প্ৰশাসনকো এনে কাৰ্যত জড়িত সকলক উচিত শাস্তি প্ৰদানৰো দাবী জনায় ৷ 

ভয়ংকৰ বিপদত নগাঁও, ধনৰ লোভত বিক্ৰী কৰিছে নিজৰ বৃক্ক!
Updated On: 

05 Nov 2025 | 05:51 PM

এক ভয়ংকৰ ভবিষ্যতৰ দিশে গতি কৰিছে নগাঁৱৰ হুজ গাঁৱৰ একাংশ লোকে ৷ মাত্ৰ কেইটামান টকাৰ লোভত দালাল চক্ৰৰ কৱলত পৰি ইজনৰ পাছত সিজন লোকে বিক্ৰী কৰিছে নিজৰ বৃক্ক ৷ ২০২১ বৰ্ষতে হুজ কৈৱৰ্ত্ত গাঁৱৰ ছয় সাতজন মান লোকে মনে মনে বিক্ৰী কৰিছিল নিজৰ বৃক্ক।

তাৰ পাছত গাঁওখনৰ একাংশ সচেতন নোকৰ হস্তক্ষেপত বিষয়টো কিছু তল পৰিছিল যদিও, বৃক্ক বিক্ৰীত বাধা দিয়া সকল সন্মুখিন হ’ল বিভিন্ন হাৰাশাস্তিৰ। ইয়াৰ পাছত গাঁওখনত পুনৰ আৰম্ভ হ’ল এই প্ৰক্ৰিয়া। মংগলবাৰ এই সন্দৰ্ভত গাঁওখনৰ তিনিজন লোকক নগাঁও আৰক্ষীয়ে আটক কৰাৰ পাছত পুনৰ পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ।

জানিব পৰা মতে, বৰ্তমান গাঁওখনৰ অধিকাংশ লোকেই বিক্ৰী কৰিছে নিজৰ বৃক্ক ৷ একমাত্ৰ বিলাসী জীৱন কটোৱাৰ সপোন দেখিয়েই গাঁও খনৰ একাংশ লোকে দালালৰ কৱলত পৰি বৃক্ক বিক্ৰী কৰা বুলি জানিব পৰা গৈছে ৷

শেহতীয়াকৈ গাঁওখনৰ গাঁও প্ৰধানৰ লগতে একাংশ সচেতন মহিলাই এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ অনুৰোধ জনায়। ইফালে প্ৰশাসনকো এনে কাৰ্যত জড়িত সকলক উচিত শাস্তি প্ৰদানৰো দাবী জনায় ৷

কিন্তু নগাঁও আৰক্ষীৰ জালত পৰে তিনি বৃক্কৰ দালাল। জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত চলে এই অভিযান। নগাঁৱৰ হুজ কৈৱৰ্ত্ত গাঁৱত আৰক্ষীৰ অভিযানত কুখ্যাত বগামূলা ওৰফে দীপ দাস, ধৰণী দাস আৰু মহেন্দ্ৰ দাসক আটক কৰে। নগাঁৱৰ পৰা কলকাতালৈ বৃক্ক সৰবৰাহ কৰিছিল চক্ৰটোৱে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জেৰা চলাইছে চক্ৰটোক। ৪বছৰ পূৰ্বেও হুজ গাঁৱত বৃক্কৰ দালালি কৰি আটক কৰিছিল কেইবাগৰাকীও ব্যক্তিক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...