১০ দিন পূৰ্বে ফেচবুকত হৈছিল চিনাকী, মহিলাগৰাকীয়ে কৰিছিল মেছেজ…মৃগাংক কাণ্ডৰ ন তথ্য পোহৰলৈ…

গুৱাহাটীৰ মৃগাংক হত্যাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। পৰিয়ালৰ লোকে জানিব দিয়া মতে এয়া সকলো ষড়যন্ত্ৰ। মহিলাগৰাকী আৰু ৰাজু আলীয়ে মৃগাংকক পৰিকল্পিতভাবে মাতি লৈ গৈছিল।

১০ দিন পূৰ্বে ফেচবুকত হৈছিল চিনাকী, মহিলাগৰাকীয়ে কৰিছিল মেছেজ...মৃগাংক কাণ্ডৰ ন তথ্য পোহৰলৈ...

সোঁফালে মৃগাংক

Published: 

15 May 2025 12:10 PM

ৰাজ্য জোকাৰি যোৱা মৃগাংক বৰ্মন হত্যাকাণ্ডৰ নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি মৃগাংক বৰ্মন আৰু শুৱালকুচিৰ মহিলাগৰাকীৰ মাজত চিনাকী প্ৰায় ১০-১৫ দিনৰ। গতিকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ঘটনাৰ দিনা পৰিকল্পিতভাবে মৃগাংকক গুৱাহাটীৰ হোটেললৈ মাতি নিছে বুলি অভিযোগ উত্থাপন কৰে মৃগাংকৰ ভগ্নীয়ে।

ঘটনা সন্দৰ্ভত মৃগাংক বৰ্মনৰ ভগ্নীয়ে কয় যে, “এয়া ত্ৰিকোণ প্ৰেম হ’ব নোৱাৰে। ৰাজু আলী আৰু মহিলাগৰাকীয়ে পৰিকল্পিতভাবে হত্যা কৰিছিল দাদাক। সোমবাৰে সি ঘৰৰ পৰা গুৱাহাটীলৈ গৈছিল। তাৰ পাছত হোটেল গৈছিল। প্ৰথমে দুগৰাকী মহিলাৰ হোটেলৰ পৰা ওলাই আহিছিল। তাৰ পিছত ভিতৰত পৰা ওলাই আহিছিল দাদা। অৰ্থাৎ দাদাক ভিতৰতে আক্ৰমণ কৰিছিল। এয়া সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। এই কাণ্ডত আন কোনো জড়িত আছে বুলি বিশ্বাসী। সকলো পোহৰলৈ আহিব লাগে”।

লগতে কয় যে, “মই যিমান জানো প্ৰায় ১০-১৫ দিন আগতে মহিলাগৰাকীৰ সৈতে দাদাৰ চিনাকী হৈছিল। ফেচবুকৰ জৰিয়তে হৈছিল চিনাকী। প্ৰথমে মহিলাগৰাকীয়ে মেছেজ কৰিছিল। গতিকে দাদাৰ সৈতে ৪ মাহৰ প্ৰেম থকা কথাটো মিছা। ঘৰত দাদাই ইঞ্চুৰেন্স কোম্পানীৰ কামত যাম বুলি কৈছিল। কিন্তু ৰাজু আলীয়ে শেষ কৰি দিয়ে। বহুতে জানে ৰাজু আলী চিৰিয়েল কিলাপ। ৩-৪ মাহ জেলত থাকি ওলাই আহে”। মৃগাংক অভিনয়ৰ উপৰি ব্যৱসায়ৰ লগত জড়িত আছিল। গতিকে ব্যৱসায়ীক কাৰণত এই হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, নলবাৰীৰ যুৱক মৃগাংক বৰ্মনে সোমবাৰে পুৱা ঘৰৰ পৰা ওলাই আহিছিল। তাৰ পাছতে গড়চুত চাৰিআলিৰ Silver Arcade বিল্ডিঙৰ হাই চিটি ইন নামৰ হোটেলখনৰ ২০৯ নম্বৰ কোঠা বুক কৰে। এই কোঠাটোতে মৃগাংকই ৩ ঘন্টা সময় মহিলাগৰাকীৰ লগত কটাইছিল।

কিন্তু যেতিয়া তেওঁলোকে হোটেলৰ পৰা বাহিৰলৈ ওলাই আহে তেতিয়াই সংঘটিত হয় অনাকাংক্ষিত ঘটনা। দীৰ্ঘ সময় ধৰি হোটেলৰ বাহিৰত ৰৈ থকা ৰাজু আলীয়ে ছুৰীৰে প্ৰহাৰ কৰে মৃগাংকক। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজু আলীয়ে কৈছে যে, মহিলাগৰাকীৰ সৈতে ৰাজু আলীৰ প্ৰায় ২ বছৰৰ সম্পৰ্ক আছিল। কিন্তু ২ মাহ মান পূৰ্বে দুয়োৰে বিচ্ছেদ হৈছিল।  ইয়াৰ সামান্তৰালকৈ বিবাহিতা মহিলাগৰাকীয়ে মৃগাংকৰ লগতো সম্পৰ্ক ৰক্ষা কৰিছিল।  এই কথা সহ্য কৰিব পৰা নাছিল ৰাজুয়ে। যাৰ বাবে তেওঁ মৃগাংকক ছুৰীৰে হানি-খুচি হত্যা কৰে।

অভিযোগ অনুসৰি মৃগাংক মহিলাগৰাকীৰ প্ৰেমিক আছিল। ইয়াৰোপৰি শৰ্মা উপাধিৰ আন এজন প্ৰেমিক আছিল মহিলাগৰাকীৰ।  স্বামীৰ উপৰিও ২ সন্তানৰ মহিলাগৰাকীয়ে অন্য ৩ জন যুৱকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।  এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। গতিকে তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

 

অন্য খবৰ পঢ়কঃ ৩ জন প্ৰেমিক, বিবাহিতা মহিলা! মৃগাংক কাণ্ডৰ ন ন তথ্য পোহৰলৈ, ৰাজু আলীয়ে দি গৈছে বৰ্ণনা…

শচীন নে কোহলী, ১২৩ খন টেষ্টলৈকে প্ৰদৰ্শনৰ ক্ষেত্ৰত পৰিসংখ্যাৰ দিশত কোন আছে আগত?
ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীয় কিমান হয় জানেনে? জানক...
অনবৰতে ঘাম ওলাই থাকে নেকি? তেন্তে আঁৰত থাকিব পাৰে এইসমূহ কাৰণ...
Shani Dev: কি কথাত আৰু কেতিয়া ক্ৰোধিত হয় শনি দেৱ? এইদৰে গম পাব আপুনি...