Morning Headline: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ
আজি ২৬ অক্টোবৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আজি ২৬ অক্টোবৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- নিশা ১১ বজাৰ পিছত সোণাপুৰৰ জুবিন ক্ষেত্ৰত শিল্পী মানস ৰবীন। তেওঁ ক’লে, জুবিন গাৰ্গৰ বাবে কোনো SOPৰ প্ৰয়োজন নাই।
- ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী আচৰণ আৰু কাৰ্যকলাপত জড়িত থকাৰ বাবে JDUৰ এজন প্ৰাক্তন মন্ত্ৰীকে ধৰি ১১জন নেতাক দলৰ পৰা বহিষ্কাৰ কৰিছে।
- শনিবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান’ৰ অধীনত লক্ষীপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৯,৩১৮ গৰাকী সদস্যাক প্ৰাৰম্ভিক মূলধন হিচাপে ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। ইয়াৰে ১৮,৬০০ গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ৭১৮ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।
- ষট পূজাৰ উপলক্ষে গুৱাহাটীত যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা। ২৭ আৰু ২৮ অক্টোবৰৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী প্ৰশাসনে। আৰক্ষী উপায়ুক্ত (যান-বাহন) কার্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই নির্দেশনা ২৭ অক্টোবৰৰ পুৱা ১১ বজাৰ পৰা ২৮ অক্টোবৰৰ পুৱা ১১ বজালৈ প্রযোজ্য হ’ব।
- ট্ৰাম্পে এছিয়া ভ্ৰমণৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগত আলোচনা কৰিব বুলি ঘোষণা কৰিছে। ট্ৰাম্পে কয় যে, তেওঁ বিচাৰে চীনে আমেৰিকাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক নিয়ন্ত্ৰণ কৰাত সহায় কৰক।
- নৱেম্বৰত ৰাম মন্দিৰৰ ধ্বজা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, অভিষেকৰ দৰেই হ’ব মহা আয়োজন। কমিটীৰ অধ্যক্ষই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব যে বহুদিনীয়া বিশ্বাস আৰু বহু প্ৰত্যাশিত পূৰ্ণতাৰ সপোন এতিয়া বাস্তৱায়িত হৈছে।
- মুক্তিৰ পূৰ্বে অভিলেখ গঢ়িছে জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’, BookMyShowৰ চাৰ্চ লিষ্টৰ শীৰ্ষত। চৌদিশে ‘ৰৈ ৰৈ বিনালে’ৰ ধুমুহা।
- শীঘ্ৰেই ৰে’লপথত নামিব নতুন বন্দে ভাৰত, ৰাজধানী এক্সপ্ৰেছক জনাব প্ৰত্যাহ্বান। এতিয়া নতুন ৰূপত ৰে’লপথত নামিবলৈ সাজু হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। এই ৰে’লখনে আপোনাৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ অভিজ্ঞতা নিশাটোৰ ভিতৰতে সলনি কৰি দিব। জানো আহক এই বিষয়ে।
- আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ। ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন।