Morning news: জুবিনৰ মৃত্যুত পুনৰ ২ জন গ্ৰেপ্তাৰৰ পৰা পুটিনৰ সকীয়নিলৈ, পুৱাৰ খবৰ…

Morning news: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ দুজন। এনেকৈ এই গোচৰত মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে। ইফালে এই ঘটনাত বি এন এছ ১০৩ ধাৰা সংযোজন কৰা হৈছে।

Morning news: জুবিনৰ মৃত্যুত পুনৰ ২ জন গ্ৰেপ্তাৰৰ পৰা পুটিনৰ সকীয়নিলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

03 Oct 2025 07:55 AM

আজি ৩ অক্টোবৰ, ২০২৫। প্ৰতিদিনে ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো দিশৰ ওপৰত খবৰ ৰখা কাৰো বাবে সম্ভৱ নহয়। গতিকে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত বিএনএছ ১০৩ ধাৰা সংযোজন। হত্যাৰ গোচৰত এই ধাৰা সংযোজন কৰা হয়। যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু এতিয়া অধিক ৰহস্যঘন হৈ পৰিছে। এই ধাৰা সংযোজনৰ পাছতে এয়া হত্যাকাণ্ড বুলি ক’ব পাৰি।
  2. জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত পুনৰ দুজনক গ্ৰেপ্তাৰ। কেইবাদিন জেৰা চলোৱাৰ অন্তত কালি গ্ৰেপ্তাৰ হয় শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। জানিব পৰা মতে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত এই দুয়োজন য়াটখনত আছিল। এনে অৱস্থাত এই ঘটনাত গ্ৰেপ্তাৰৰ সংখ্যা ৪ জন হয়।
  3. বিজয়া দশমীৰ দিনটোতে প্ৰতিবছৰৰ দৰে বজালীৰ পহুমাৰা নদীত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা। এই  প্ৰতিযোগিতা মুকলি কৰে অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে।
  4. দেৱী বিসৰ্জনৰ সময়তে মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত সংঘটিত হয় ভয়ংকৰ ঘটনা। মূৰ্তি বিসৰ্জনৰ পৰা উভতি অহা একাংশ লোকক কঢ়িয়াই অনা এখন বাহন নদীত বাগৰি পৰে ,যাৰ ফলত ১০ জনকৈ লোকৰ মৃত্যু হয়।
  5. আৰ এছ এছক শতবাৰ্ষিকী উদযাপন। ইয়াকে লৈ নাগপুৰৰ ৰেশম বাগ খেলপথাৰত এক ডাঙৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত ২১ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে।
  6. ২৬ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ’ব ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা। কোৰোনাৰ সময়ত দুই দেশৰ মাজত বিমান সেৱা বন্ধ হৈছিল যদিও এতিয়া পুনৰ খোল খাব। মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ পাছতে দুই দেশৰ সম্পৰ্কত এয়া নতুন অগ্ৰগতি বুলিব পাৰি।
  7. শুল্কক লৈ আমেৰিকাক সকীয়নি প্ৰদান ৰাছিয়াৰ। ভাৰতৰ হৈ পুটিনে কয় যে, মোদীয়ে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰনত নকৰে। ইয়াৰোপৰি এই শুল্কই বিশ্ব অৰ্থনীতিত ভাবুকি আনিব পাৰে।
  8. ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক শক্তিৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে, যদি অন্য কোনো পাৰমাণৱিক শক্তিয়ে কিবা পদক্ষেপ লয় তেতিয়া ৰাছিয়াইও পাৰমাণৱিক পৰীক্ষা কৰিব। তেওঁ কয় যে,কিছুমান দেশে পৰীক্ষা কৰিবলৈ সাজু হৈছে।

 

অন্য খবৰ পঢ়কঃ শুল্ক সন্দৰ্ভত ট্ৰাম্পক সকীয়নি পুটিনৰ! ক’লে, ভাৰতে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰনত নকৰে…

অকাল মৃত্যুৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? জনালে প্ৰেমানন্দ মহাৰাজে...
ভুলতো নকৰিব এই কাম! মা লক্ষ্মী হৈ পৰিব অসন্তুষ্ট...
প্ৰয়োজনতকৈ অধিক নিমখ খাইছে নেকি? এনে লক্ষণ দেখা পালেই হওক সাৱধান
টকাৰে উভৈনদী হ'ব আপোনাৰ ঘৰ, কিন্তু এনে ভুল কৰিলে সৰ্বনাশ!