কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণৰ পৰা নতুন চাকৰিলৈ, পুৱাৰ খবৰ…

Morning News: আজি অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেইবাটাও কাৰ্যসূচী লৈ তেওঁ অসমলৈ আহিব। এই সন্দৰ্ভত সবিশেষ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণৰ পৰা নতুন চাকৰিলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

07 Nov 2025 07:55 AM

আজি ৭ নৱেম্বৰ, ২০২৫। আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বহু ঘটনাৰ খবৰ পোহৰলৈ আহিছে। গতিকে পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হ’ল-

  1. আজি অসমত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ। তেওঁ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিব।বিশ্ব মানদণ্ডৰে নিৰ্মিত নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটীত নদীৰ পাৰৰ বাগিচা উদ্বোধন কৰিব, লগতে অহা ৮ নৱেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।
  2. নাগাৰা নামৰ সাধক তথা শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসনা। নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ ভৰালীৰ অৱদান অতুলনীয়।
  3. অসম আৰক্ষীক নতুনকৈ ওলাব ৪০০০ চাকৰিৰ বিজ্ঞাপন। নৱেম্বৰ মাহৰ ভিতৰত কনিষ্টবলৰ নিযুক্তি আৰু পাছত অসম আৰক্ষীত আৰু ৪ হাজাৰ পদ ওলাব। ফেচবুক লাইভ যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  4. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, “১০ ডিচেম্বৰৰ পূৰ্বে এছ আই টিয়ে দাখিল কৰিব ছাৰ্জশ্বীট। অসমত একাংশই নেপালৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে এয়া হ’বলৈ নিদিও”।
  5. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় গীত বন্দে মাতৰামৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে বছৰজোৰা কাৰ্যসূচী আৰম্ভ কৰিব। ইয়াৰ পিছত তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে বাৰাণসীত উপস্থিত হ’ব।
  6. বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৬৪.৬৬% ভোটদান হয়। ৰাজ্যখনৰ ইতিহাসত এয়াই সৰ্বোচ্চ ভোটদানৰ পৰিমাণ। ইয়াৰ পূৰ্বে ২০০০ চনত ভোটাৰৰ হাৰ আছিল ৬২.৫৭%।
  7. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য। তেওঁ নৰেন্দ্ৰ মোদীক এজন ভাল বন্ধু বুলি আখ্যা দিয়াৰ লগতে ভাৰত ভ্ৰমণৰ ইংগিত প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ ভাতৃ শ্যামকানুৰ বিৰুদ্ধে RTI দাখিল! পদত্যাগ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ…

এই ৫টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি, জানক চিকিৎসকৰ পৰা...
কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ
অমিতা খায় ভাল পায় নেকি? অমিতাৰ এই গুণৰ বিষয়ে জানি হ'ব আচৰিত!