দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ১৭ ছেপ্টেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ...

পুৱাৰ মুখ্য খবৰ

Updated On: 

17 Sep 2025 07:41 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা পূজাঅৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠানপ্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।
  2. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, ধন্যবাদ মোৰ বন্ধু, মোৰ ৭৫ সংখ্যক জন্মদিনত আপোনাৰ ফোন আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ। আপোনাৰ দৰে মইও ভাৰত-আমেৰিকাৰ বিশ্বব্যাপী অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আপোনাৰ পদক্ষেপক আমি সমৰ্থন কৰোঁ।
  3. মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয় দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাক। কামৰূপ মহানগৰ জিলাৰ বিশেষ সত্ৰ ন্য়ায়াধীশৰ আদালতে দুয়োকে তিনি দিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
  4. শেষ কৰিব লাগিব বৰবিহ ! দেশৰ যুৱ প্ৰজন্মক ৰক্ষাৰ বাবে অমিত শ্বাহৰ আহ্বান। শ্বাহে আৰু জোৰ দি কয় যে, ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে নৱপ্ৰজন্মক ড্ৰাগছৰ পৰা ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।
  5. অসমৰ কাৰ্বি আংলং জিলাত মঙলবাৰে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮ কোটি টকাৰ গাঞ্জা জব্দ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত কাম কৰি বোকাজান মহকুমাৰ অন্তৰ্গত ডিল্লাইৰ সকলো চেকপইণ্টতে আৰক্ষীয়ে তালাচী অভিযান চলায় আৰু এই অভিযান কালতে এখন ট্ৰাক আটক কৰে বুলি এজন আৰক্ষী বিষয়াই জনায়। আৰক্ষীয়ে ট্ৰাকখনৰ এটা গোপন ডবাত লুকুৱাই ৰখা ১৪৭.২৫ কেজি গাঞ্জা থকা ১৪৮টা পেকেট জব্দ কৰে। ৰাজস্থান আৰু হাৰিয়ানাৰ পৰা অহা দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ কয়।
মহিলাৰ ক্ষেত্ৰত প্ৰস্ৰাৱ সংক্ৰমণৰ আশংকা কিয় বেছি ? এই সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে?
ছাল, চুলিৰ লগতে এইসমূহ সমস্যা দূৰ কৰাত নিম পাত অতি উপকাৰী, জানক কেনেকৈ ব্যৱহাৰ কৰিব?
শুভ সংযোগ, আজিৰে পৰা এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ