দিনটোৰ আৰম্ভণিতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ২৬ নৱেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- অসম চৰকাৰে যোৱা ২৫ নৱেম্বৰত এখন বিধেয়ক উত্থাপন কৰি স্থানীয়ভাৱে পৰম্পৰাগত ম’হৰ যুঁজখন ১৯৬০ চনৰ পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ পৰিসৰৰ পৰা ৰেহাই দিব বিচাৰিছে। বিভাগীয় মন্ত্ৰী কৃষ্ণেন্দু পালে পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ (অসম সংশোধনী) বিধেয়ক, ২০২৫ বিধানসভাত দাখিল কৰে।
- আনুষংগিক বাগিচাৰ কাম-কাজৰ বাবে সংৰক্ষিত ভূমিৰ পৰা চাহ বাগিচাৰ ‘শ্ৰমিক লাইন’ বাদ দিয়াৰ বাবে অসম চৰকাৰে ২৫ নৱেম্বৰত ৰাজ্য বিধানসভাত এখন গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়ক উত্থাপন কৰে। ইয়াৰ দ্বাৰা চাহ শ্ৰমিকক তেওঁলোকৰ গৃহৰ মালিকীস্বত্বৰ বাবে এনে ভূমি বিতৰণৰ পথ মুকলি কৰি দিয়ে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই অধ্যক্ষৰ অনুমতি সাপেক্ষে অসমৰ ভূমিৰ ওপৰত চিলিং নিৰ্ধাৰণ (সংশোধনী) বিধেয়ক, ২০২৫ বিধানসভাত উত্থাপন কৰে।
- অসম চুক্তি অনুসৰি, জনজাতীয় বেল্ট আৰু ব্লকত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে জিলা পৰ্যায়ৰ ন্যায়াধিকৰণ গঠনৰ প্ৰস্তাৱ দি ২৫ নৱেম্বৰত অসম চৰকাৰে বিধানসভাত বিধেয়ক উত্থাপন কৰে। বিধানসভাত The Assam District Land Tribunal Bill, 2025 দাখিল কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই।
- সংবিধান দিৱস উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি, আৰু সংসদৰ সদস্যসকলো উপস্থিত থাকিব।
- ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফৰাণৰ নতুন এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচ (SAESI) সুবিধা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত A320neo আৰু Boeing 737 MAX বিমানৰ ইঞ্জিন মেৰামতি আৰু চাৰ্ভিচ কৰিব।
- কৃষকৰ প্ৰতিবাদৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব। স্বামীনাথন আয়োগৰ সূত্ৰৰ ভিত্তিত এম এছ পিৰ নিশ্চয়তা প্ৰদান কৰা আইন প্ৰণয়নৰ দাবীত কিষাণ মৰ্চাই(SKM) ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছে।
- ভাৰত আৰু ৰাছিয়া নেতৃত্বাধীন EAEU গোটৰ মাজত বাণিজ্য চুক্তিৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ’ব। এই কথা ঘোষণা কৰিলে বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে।
- ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত পুনৰ স্থিতি স্পষ্ট কৰিছে BTC ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। তেওঁ স্পষ্ট কৰি দিছে যে, বৰ্তমানৰ জনজাতিসকলৰ কোনো লোকচান নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণত তেওঁলোকেৰ কোনো ধৰণৰ আপত্তি নাই। বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ যাতে অতুত থাকে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই মন্তব্য প্ৰকাশ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।