Morning Headline: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

আজি ১৪ ডিচেম্বৰ বৃহস্পতিবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ
Updated On: 

14 Dec 2025 07:02 AM

আজি ১৪ ডিচেম্বৰ দেওবাৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • দুদিনীয়া ভ্ৰমণৰ বাবে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। আজি (১৪ ডিচেম্বৰ) দেওবাৰে দ্য গ্ৰীণউড ৰিজ’ৰ্টত দীৱানা তেৰা কনচাৰ্টত সংগীত পৰিৱেশন কৰিব চনু নিগমে। শিল্পী গৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয়।
  • ১৬ ডিচেম্বৰত নগাঁৱৰ ধিঙত চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীলৈ ইতিমধ্যে জাননী জাৰি ধিং ৰাজহ চক্ৰ বিষয়াৰ। চৰকাৰী ভূমি নিজেই খালী নকৰিলে প্ৰশাসনে চলাব বুলড’জাৰ।
  • মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এক অনুষ্ঠানত অংশ ল’বলৈ কলকাতালৈ আহিছিল মেছি। হাজাৰ হাজাৰ লোকে টিকট কাটিও মেছিক চাবলৈ নোপোৱাত ষ্টেডিয়াম লণ্ডভণ্ড কৰে। মমতা বেনাৰ্জীৰ VIP কালচাৰৰ বাবে পশ্চিমবংগৰ চল্ট লেক ষ্টেডিয়ামত এনে ঘটনা সংঘটিত হোৱা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • পাকিস্তানত নজিৰবিহীন ঘটনা। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানী শ্ৰেণীকোঠাত কৰা হৈছে সংস্কৃতৰ পাঠদান। মহাভাৰত-ভাগৱতৰ শ্লোক আবৃত্তি কৰিছে পাকিস্তানী ছাত্ৰ-ছাত্ৰীসকলে। মহাভাৰত ধাৰাবাহিক ‘হ্যে কথা সংগ্ৰাম কি’ৰ শীৰ্ষ সংগীতটিও শুনা গৈছে উৰ্দু ভাষাত। লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট ছায়েন্সে গ্ৰহণ কৰিছে এই ঐতিহাসিক পদক্ষেপ।
  • নুমলীগড় শোধনাগাৰৰ কাষৰীয়া অঞ্চলত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী। বিগত কিছুদিন ধৰি আৱাসিক এলেকাত বিচৰণ কৰি আছিল এই নাহৰফুটুকীটোৱে।
  • ফুটবলৰ তাৰকা লিঅ’নেল মেছিক সাক্ষাৎ ৰাহুল গান্ধীৰ। সামাজিক মাধ্যমত ভাইৰেল ৰাহুল আৰু মেছিৰ বাৰ্তালাপৰ দৃশ্য।
  • কি হৈছিল জুবিন গাৰ্গৰ? SITৰ প্ৰতিবেদন সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাৰ মন্তব্য। তেওঁ কয়, ‘যি সমূহ ভিডিঅ’ ওলাই আছিল মোক তাৰে শেষৰ ভিডিঅ’টো লাগে। গৰিমাই চাৰ্জশ্বীটখন মানি লৈছে, গৰিমাই চাৰ্জশ্বীটখন মানি লোৱা কথাটো মোৰ ভাল লগা নাই’।
  • আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয়খন T20। ধৰমশালাত অনুষ্ঠিত হ’ব এই মেচখন। সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া এই খেলকলৈ যথেষ্ঠ চিন্তিত কেপ্তেইন সূৰ্যকুমাৰ যাদব আৰু উপ-কেপ্তেইন শুভমন গীল।
  • আকৌ আহিব ‘পুষ্পাৰাজ’! ৬০০০ কিলোমিটাৰ দূৰত চলিছে বৃহৎ প্ৰস্তুতি। তেওঁ বৰ্তমান এটলীৰ ছবিখনৰ কাম শেষ কৰি আছে। ইফালে অহা বছৰ, ২০২৬ চনৰ জানুৱাৰী মাহত ঘূৰি আহিব আল্লু অৰ্জুন।
ভৰিৰ এই লক্ষণে দিয়ে যকৃতৰ ক্ষতি হোৱাৰ ইংগিত, জানক...
শীতকালত জালুকে দূৰ কৰিব ৰোগ, জানক কি কি ৰোগৰ বাবে প্ৰতিৰোধক হিচাপে কাম কৰে জালুকে
মন্দিৰলৈ যাওঁতে কি কি কথা মনত ৰখা উচিত? প্ৰেমানন্দ মহাৰাজৰ পৰা জানক...
এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? দেহত এলাৰ্জী কিয় হয় জানো আহক
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা