আজি ২০২৬ৰ প্ৰথমটো দিন…পঢ়ক পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ…
আজি ১ জানুৱাৰী, ২০২৬ বৃহস্পতিবাৰ। নতুন বছৰৰ প্ৰথমটো দিন। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

পুৱাৰ খবৰ
সকলোকে নৱবৰ্ষ ২০২৬ৰ আন্তৰিক শুভেচ্ছা। লগতে প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি পহিলা জানুৱাৰী। নিজৰ নিজৰ ধৰণেৰে সকলোৰে আদৰণি জনাইছে ২০২৬ চনক। বছৰৰ পৰিৱৰ্তনে আৱেগ, আশা আৰু ৰঙৰ এক ভৱিষ্যৎ সংগম আনিলে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, কুচৰ পৰা কহিমালৈকে সকলোতে চলি আছে উদযাপন। দেশৰ লগতে এই উদযাপনত নিমগ্ন হৈ আছে অসমীয়া। শীতৰ কুঁৱলীসনা জাৰৰ মাজতে উৎসাহ আৰু আশাৰ সঞ্চাৰেৰে নতুন বছৰক আদৰণি জনাইছে সকলোৱে।
- এই শুভক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। এই সন্দৰ্ভত এখন সংবাদ বিবৃতি জাৰি কৰি শৰ্মাই সকলোকে শুভেচ্ছা জনাই আহিবলগীয়া বছৰটি ভাল হ’ব বুলি আশা কৰে।
- ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে অসম গণ পৰিষদৰ। দলটোৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ৩১ ডিচেম্বৰত দিছপুৰত আঞ্চলিক ৰাজনৈতিক ক্ষমতা সুদৃঢ় কৰাৰ বাবে অনাগত মাহকেইটা অতি গুৰুত্বপূৰ্ণ হ’ব বুলি উল্লেখ কৰি দলটোৱে সাংগঠনিক ভিত্তি শক্তিশালী কৰাৰ লগতে আত্মনিৰ্ভৰ অসমৰ দৃষ্টিভংগী আগুৱাই নিয়াৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিব বুলি দৃঢ়তাৰে কয়।
- ৰাজ্যৰ ভিতৰত সৰ্বাধিক POCSO গোচৰত সফলতা লাভ মৰিগাঁও আৰক্ষীৰ। ১২৮টা গোচৰ ৰুজু হৈছিল জিলাখনত। ৭০ শতাংশ গোচৰত আদালতে দোষী সাব্যস্ত কৰিছে অভিযুক্তক। ১২০টা গোচৰত অভিযোগনামা দাখিল।
- কামৰূপৰ জলটিৰাম লহকৰ হাইস্কুলৰ প্ৰধান শিক্ষক ৰফিকুদ্দিন আহমেদক নিলম্বন। অসামাজিক কাৰ্য, অনুশাসন ভংগৰ অভিযোগত নিলম্বন। মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজাইৰ নিৰ্দেশত নিলম্বন।
- নতুন বছৰটো আৰম্ভণিতে দামবৃদ্ধিৰ খবৰ। পাইপ প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে গেছ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি কৰিছে চৰকাৰে । তাৎপৰ্যপূৰ্ণভাৱে ২৮ মাহৰ ভিতৰত এইটোৱেই হৈছে গেছ চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক বৃদ্ধি। অৰ্থাৎ ২০২৩ চনৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে এনে উল্লেখযোগ্য বৃদ্ধি হৈছিল।
- বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ঢাকাত উপস্থিত হোৱা বৈদেশিক মন্ত্ৰী জয়শংকৰে পাকিস্তানৰ অধ্যক্ষ আয়াজ ছাদিকৰ সৈতে সাক্ষাৎ কৰে। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেহতীয়াকৈ ঢাকাত শেষ নিশ্বাস ত্যাগ কৰে বেগম খালেদা জিয়াৰ। ভাৰতক প্ৰতিনিধিত্ব কৰি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ঢাকা ভ্ৰমণ কৰে। অন্ত্যেষ্টিক্ৰিয়াৰ আঁৰত জয়শংকৰে ঢাকাত পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিকৰ সৈতে সাক্ষাৎ কৰে।
লগতে পঢ়ক: বছৰৰ প্ৰথমটো দিন কাৰ বাবে ভাল কাৰ বেয়া? কি আছে আপোনাৰ ভাগ্যত? চাওক আজিৰ ৰাশিফল…