ন্যায়ৰ পৰা বহু দূৰ! ৰাজ্যৰ নিম্ন আদালতত ৫ লাখৰো অধিক অমীমাংসিত গোচৰ…

ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ বিপৰীতে ন্যায় লাভ কৰা লোকৰ সংখ্যা অতি কম। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুুসৰি ৰাজ্যৰ নিম্ন আদালতসমূহত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাইছে।

ন্যায়ৰ পৰা বহু দূৰ! ৰাজ্যৰ নিম্ন আদালতত ৫ লাখৰো অধিক অমীমাংসিত গোচৰ...

আদালত

Published: 

09 Jul 2025 18:44 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ, ডকাইতি আদি কাণ্ডই নিদ্ৰা হৰণ কৰিছে জনতাৰ। কিন্তু প্ৰশ্ন হয়, কিমানজন ভুক্তভোগীয়ে ন্যায় লাভ কৰিছে?  জনতাৰ ন্যায়ৰ বাবে আইন আছে, প্ৰশাসন আছে। দোষীক শাস্তি প্ৰদান কৰি ভুক্তভোগীক ন্যায় প্ৰদানত আদালতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেশৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ ভিতৰত ন্যায়পালিকা অন্যতম। প্ৰত্যোক গণতান্ত্ৰিক ৰাষ্ট্ৰৰে বিচাৰ বিভাগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ন্যায়পালিকা বুলি ক’লে আমি উচ্চতম ন্য়ায়ালয়, উচ্চ ন্যায়ালয় আৰু অধঃস্তন ন্যায়ালয়ক বুজো।

কিন্তু আজিও আদালতত লাখ লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে।  গোচৰৰ বোজা বৃদ্ধি পাইছে নিম্ন আদালতসমূহত। সমগ্ৰ অসমৰ জিলা আদালতসমূহত জমা হৈ আছে ৫ লাখৰো অধিক গোচৰ। বিগত মে’ মাহলৈ নিম্ন আদালতসমূহত জমা হোৱা গোচৰৰ সংখ্যা  মুঠ ৫ লাখ ২৩ হাজাৰ ৯২৩টা। ইয়াৰে ৪লাখ ১৫হাজাৰ ১৯৪টা ফৌজদাৰী গোচৰ। বাকী ১লাখ ৮হাজাৰ ৭২৯টা দেৱানী গোচৰ। তথ্য অনুসৰি, যোৱা মে’ মাহত ২১,০৫২ টা ফৌজাদাৰী গোচৰ আৰু ৬,১৯৭ টা দেৱানী গোচৰ নিষ্পত্তি কৰিছে বিভিন্ন জিলা আদালতে। ইয়াৰ ভিতৰত ৭২ টা গোচৰ আছে সাংসদ-বিধায়কৰ বিপৰীতে।

নিম্ন আদালতসমূহৰ গোচৰৰ বোজাৰ বৃদ্ধিৰ সংখ্যাই বুজাই যে ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ বিপৰীতে ন্যায় লাভ কৰা লোকৰ সংখ্যা অতি কম। ইয়াৰোপৰি এয়া মাথোঁ নিম্ন আদালতসমূহ অমীমাংসিত গোচৰ, গুৱাহাটী উচ্চ ন্যায়ালয়তো লাখ লাখ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে।

নিম্ন আদালতসমূহত গোচৰ বৃদ্ধিৰ সংখ্যা এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। কিয়নো ই লেহেমীয়া ন্যায়ৰ বাটক প্ৰদৰ্শন কৰে। কেৱল নিম্ন আদালতে ৫ লাখৰো অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ থকা অতি উদ্বেগৰ বিষয়। গতিকে প্ৰশ্ন হয়, কেতিয়া নিষ্পত্তি হ’ব ইমান সংখ্যক গোচৰ? লাখ লাখ লোকে ন্যায়ৰ আশাত বাট চাই আছে, সম্ভৱতঃ ইয়াৰে অধিকাংশই ইতিমধ্যে জীৱন নাট সামৰিছে। ইয়াৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই সিদ্ধান্ত লোৱাৰ প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ ৰাজস্থানত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত, ২জনৰ মৃত্যু…

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!
গুৰু পূৰ্ণিমাৰ সময়ত কি কৰিব লাগে, কি নালাগে, জানক...
এইসমূহ ভুলৰ বাবে আপোনাৰ শৰীৰত বৃদ্ধি পাব পাৰে চুগাৰৰ মাত্ৰা...