বোকাখাতৰ চিকিৎসালয়ত মন্ত্ৰীৰ চাডেন ভিজিট, ৰক্তচাপ জোখা যন্ত্ৰ দেখি হতবাক…
মঙলবাৰে নিশা হঠাৎ বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হ'ল মন্ত্ৰী অতুল বৰা। তিনিমহলীয়া চিকিৎসালয়খনৰ প্ৰতিটো মহলা নিজে পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ পৰিদৰ্শন কৰিলে প্ৰতিটো বিভাগৰ কক্ষ ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীসকলৰ সৈতেও মত-বিনিময় কৰিলে বৰাই ৷

কিদৰে চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ? এয়া হয়তো সাধাৰণ জনতাক বুজাই কোৱাৰ প্ৰয়োজন নাই। কিন্তু এইবাৰ স্বয়ং মন্ত্ৰীয়ে নিজে সন্মুখীন হ’ল এনে পৰিস্থিতিৰ। মঙলবাৰে নিশা হঠাৎ বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হ’ল মন্ত্ৰী অতুল বৰা। তিনিমহলীয়া চিকিৎসালয়খনৰ প্ৰতিটো মহলা নিজে পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ পৰিদৰ্শন কৰিলে প্ৰতিটো বিভাগৰ কক্ষ ৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীসকলৰ সৈতেও মত-বিনিময় কৰিলে বৰাই ৷
তাৰ পিছত মন্ত্ৰীগৰাকীয়ে প্ৰৱেশ কৰে জৰুৰীকালিন সেৱা বিভাগত ৷ কিন্তু নিজৰ ৰক্তচাপ পৰীক্ষা কৰিব বিচাৰোতে লাগিল অথন্তৰ ৷ ইটোৰ পিছত সিটো যন্ত্ৰ লগাইছে,কিন্তু এটাও কাম কৰা নাই ৷ অৱশেষত তৃতীয়টো যন্ত্ৰত মন্ত্ৰীগৰাকীৰ ৰক্তচাপ ধৰা পৰিল ৷ এই সকলোবোৰ দেখি হতভম্ব হৈ পৰিল মন্ত্ৰী অতুল বৰা ৷ সাংবাদিকৰ সন্মুখতেই ৰক্তচাপ জোখা যন্ত্ৰসমূহ ঠিক কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিলে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেইসময়ৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে ১০০ খন বিচনালৈ উন্নীতকৰণ কৰা হৈছিল চিকিৎসালয়খন ৷ চিকিৎসালয়খনলৈ উন্নতমানৰ বহু সা-সৰঞ্জামো আহিছিল ৷ কিন্তু চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ শেহতীয়াকৈ চিকিৎসালয়খনত যোগদান কৰিছে ৮ জনকৈ নতুন চিকিৎসকে ৷ ইয়াৰ উপৰিও চিকিৎসা সেৱাক লৈ চিকিৎসালয়খনক লৈ আন বহু অভিযোগ আছে ৷ অৱশেষত মঙলবাৰে নিশা মন্ত্ৰীৰ ভিজিটৰ পিছতে এই অভিযোগ সচাঁ প্ৰমাণিত হ’ল।
ইয়াৰ পিছতে এতিয়া প্ৰশ্ন উত্থানপন হৈছে মন্ত্ৰীৰ লগতে যদি তেনে অৱস্থা হয়, সাধাৰণ ৰোগীৰ ক্ষেত্ৰত কি হ’ব পাৰে? সেয়া সঁচাকৈয়ে চিন্তনীয় বিষয় ৷ সাংবাদিকৰ আগত অতি সোনকালে সমস্যাসমূহ দুৰ কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী অতুল বৰাৰ ৷ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতেও কথা পাতিব বুলি জানিবলৈ দিয়ে ৷ বোকাখাত সমজিলাৰ অতি ব্যস্ততাপূৰ্ণ আৰু অতি গুৰুত্বপূৰ্ণ একমাত্ৰ চিকিৎসালয়খনৰ এই অৱস্থা প্ৰত্যক্ষ কৰাৰ পিছত ৰাজ্যৰ প্ৰতিখন চিকিৎসালয় বৰ্তমান কি অৱস্থাত চলি আছে সেয়া সহজেই অনুমেয় ৷