ৰাজ্যজুৰি গো-মাংস বিক্ৰীৰ বিৰুদ্ধে অভিযান অসম আৰক্ষীৰ, ১৩৩ জনক আটক…
গো সুৰক্ষা আইন উলংঘা কৰি হোটেল বা ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো-মাংস। কঠোৰ হৈছে অসম আৰক্ষী। শেহতীয়াকৈ গো-মাংস বিক্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত ১৩৩ জন লোকক আটক কৰিছে।

উলংঘা কৰিব নোৱাৰিব অসম গো সুৰক্ষা আইন। গো সুৰক্ষা আইন উলংঘা কৰি হোটেল বা ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো-মাংস। কঠোৰ হৈছে অসম আৰক্ষী। শেহতীয়াকৈ গো-মাংস বিক্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত ১৩৩ জন লোকক আটক কৰিছে। ইয়াৰ লগতে ৰাজ্যজুৰি এক টনৰো অধিক সন্দেহযুক্ত গো-মাংস জব্দ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
মহাপৰিদৰ্শক আৰক্ষী (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে জনোৱা মতে, অবৈধভাৱে গৰু-ম’হ হত্যা আৰু অকৰ্তৃত্বশীলভাৱে ৰেষ্টুৰেণ্টত গো-মাংস বিক্ৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান আৰম্ভ কৰা হৈছে। অসমত গো-মাংস সেৱন অবৈধ নহয়, কিন্তু The Assam Cattle Preservation Act, 2021 ত হিন্দু, জৈন আৰু শিখৰ সংখ্যাগৰিষ্ঠ অঞ্চল আৰু মন্দিৰ বা সত্ৰৰ (বৈষ্ণৱ মঠ) পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত গৰু বধ আৰু গো-মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে।
পিটিআইৰ প্ৰতিবেদন অনুসৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, এই অভিযানৰ মূল উদ্দেশ্য হৈছে অসম গো সুৰক্ষা আইন উলংঘা বন্ধ কৰা। সেই অনুসৰি হোটেল আৰু ৰেষ্টুৰেণ্টত অভিযান চলাই ৰাজ্যৰ বহু থানাত গোচৰ পঞ্জীয়ন কৰি কেইবাজনো লোকক আটক কৰা হৈছে। তেওঁ কয় যে ,আৰক্ষীয়ে এই পৰ্যন্ত ১১২খন হোটেলত অভিযান চলাই ১৩৩ জন লোকক আটক কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এক টনৰো অধিক সন্দেহযুক্ত গো-মাংস জব্দ কৰিছে।
তেওঁ লগতে কয় যে, “অপাৰেচন এতিয়াও চলি আছে আৰু সঠিক পৰিসংখ্যা পিছত জানিব পৰা যাব। অনাগত দিনত এই অভিযান অব্যাহত থাকিব।”
যোৱা ৮ জুনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, ঈদৰ সময়ত কেইবাটাও স্থানত অবৈধভাৱে কেইবাটাও গৰু বধ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাধিক স্থানত হিন্দু ধৰ্মীয় অনুষ্ঠানত গো মাংস পেলোৱাৰ অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ ঈদৰ সময়ত ৰাজহুৱা স্থানত সন্দেহযুক্ত গো-মাংস পেলোৱা অপৰাধত আৰক্ষীয়ে ধুবুৰী, হোজাই, গোৱালপাৰা আৰু লখিমপুৰ জিলাত প্ৰায় ৮০ জন লোকক গ্ৰেপ্তাৰ কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই ২০ জুনত কয় যে, ধৰ্মীয় উপাসনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গো-মাংসৰ উপলব্ধতা আৰু সেৱন ৰোধ কৰিবলৈ সকলো জিলাতে The Assam Cattle Preservation Act কাৰ্যকৰী কৰা হ’ব। “মন্দিৰ আৰু অন্যান্য পূজাস্থলীৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো শেহতীয়াকৈ ঈদ উৎসৱৰ সময়ত গো-মাংসৰ উপলব্ধতা আৰু সেৱন অতি গুৰুতৰ বিষয়।” এক সংবাদমেলত এইদৰে কৈছিল মুখ্যমন্ত্ৰীয়ে।