নিশা দুধনৈ এখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু, ঘটনাস্থলী পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

৩০ আগষ্ট শনিবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানখনৰ বৃহৎ ক্ষতি হয়। ইয়াৰ লগতে এই ঘটনাত এজন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

নিশা দুধনৈ এখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ অস্থায়ী কৰ্মচাৰীৰ মৃত্যু, ঘটনাস্থলী পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

দুধনৈত অগ্নিকাণ্ড

Updated On: 

31 Aug 2025 | 03:46 PM

গোৱালপাৰা জিলাৰ দুধনৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩০ আগষ্ট শনিবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত শিক্ষানুষ্ঠানখনৰ বৃহৎ ক্ষতি হয়। ইয়াৰ লগতে এই ঘটনাত এজন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। যোৱা নিশা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত দেওবাৰে ৰাতিপুৱা ধ্বংসাৱশেষৰ মাজত এটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহটো বিদ্যালয়খনৰ অস্থায়ী কৰ্মচাৰী বিবেকানন্দ ৰাভাৰ বুলি নিশ্চিত কৰিছে তেওঁৰ ভাতৃয়ে ৷

প্ৰায় ৫০ শতাংশ জ্বলি যোৱা মৃতদেহৰ হাতত থকা এপাত খাৰুৰ দ্বাৰা নিশ্চিত কৰে ভাতৃ দীপক কুমাৰ ৰাভাই ! আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত বিবেকানন্দ ৰাভা ২০১২ চনৰ পৰাই অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। কিন্তু কিয়, কেনেকৈ বিবেকানন্দ ৰাভাই নিশা বিদ্যালয়খন উপস্থিত হৈছিল বা কেনেকৈ তেওঁ অগ্নিদগ্ধ হ’ল সেয়া এতিয়ালৈ জানিবলৈ পৰা নাই। ঘটনাৰ সন্দৰ্ভত নিশাৰ পৰাই দুধনৈ আৰক্ষী আৰু দুধনৈ সম-জিলা আৰক্ষী অধীক্ষকে তদন্ত কৰি আছে। পুৱা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

আজি ঘটনাৰ বুজ ল’বলৈ বিদ্যালয়ত উপস্থিত হয় অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক লগত লৈ ঘটনাস্থলী পৰিদৰ্শন কৰে। ইফালে, দুধনৈ সম জিলাৰ আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই বিদ্যালয়ত হোৱা ক্ষয়-ক্ষতিৰ তথ্য সংগ্ৰহ কৰি চক্ৰ বিষয়াৰ জৰিয়তে তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ১৫ দিনৰ ভিতৰত পাঠদান কৰিব পৰাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে চি চি টি ভি’ৰ ডি ভি আৰ উদ্ধাৰ কৰিছে আৰু এক্সপাৰ্ট’ৰ জৰিয়তে ফুটেজ উদ্ধাৰ কৰি তদন্ত কৰিব বুলি জানিবলৈ দিছে।

জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিল। কেইমিনিটমানৰ ভিতৰতে জুইয়ে পাঁচটা শ্ৰেণীকোঠা, অধ্যক্ষৰ কাৰ্যালয়, এটা ষ্ট’ৰ ৰুম আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাকঘৰটো আগুৰি ধৰি। আচবাব, চৰকাৰী নথি-পত্ৰ, পাঠদানৰ সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়। পাকঘৰৰ ভিতৰত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

“মন কী বাত” অনুষ্ঠানৰ বাবে দুধনৈত থকা শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে ৩১ আগষ্ট দেওবাৰে পুৱা ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰাৰ পাছত তেওঁ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে শ্ৰেণীকোঠাৰ পুনৰ্নিৰ্মাণ শীঘ্ৰে কৰা হ’ব বুলি আশ্বাস দিয়ে। লগতে ৰাভাৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি চৰকাৰী সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...