স্তব্ধ চাহ বাগিচাৰ কাম-কাজ, জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ বিশাল গণ সমাৱেশ
ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ বিশাল গণ সমাৱেশ। এছ টিৰ মৰ্যাদা, দৈনিক মজুৰি বৃদ্ধি, ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহি চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে এই সমাৱেশত অংশগ্ৰহণ কৰে।

প্ৰতিবাদ
এছ টিৰ মৰ্যাদা প্ৰদানৰ লগতে আন কেইবাটাও দাবীত ডিব্ৰুগড়ত চাহ জনগোষ্ঠীৰ বিশাল গণ সমাৱেশ। ১৩ অক্টোবৰ সোমবাৰে অসমৰ চাহ জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে এছ টিৰ মৰ্যাদা, দৈনিক মজুৰি বৃদ্ধি, ভূমিৰ মালিকীস্বত্ব প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই অহাৰ সময়তে ডিব্ৰুগড়ত বিশাল গণ সমাৱেশৰ কাৰ্যসূচী ৰূপায়ন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড়ৰৰ চৌকিদিঙ্গীত একত্ৰিত হয়।
খবৰ অনুসৰি, এই সমাৱেশৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। প্ৰতিবাদৰ বাবে কেইবাখনো বিদ্যালয়ে বন্ধ ঘোষণা কৰে বুলি বিষয়াসকলে নিশ্চিত কৰিছে। এই সমাৱেশৰ ফলত ২১৮ খন চাহ বাগিচা, ২৪ হাজাৰ ক্ষুদ্ৰ খেতিয়কৰ বাগিচা আৰু ৭০টা কিনা পাতৰ কাৰখানাৰ কাম-কাজ অচল হৈ পৰে। কাৰণ বেছি সংখ্যক চাহ শ্ৰমিকে আজি এই সমাৱেশত অংশগ্ৰহণ কৰে।
অসম চাহ মজদুৰ সংঘ(ACMS),অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA), সদৌ আদিবাসী ছাত্ৰ সন্থা অসম(AASAA), ৩৬ জনজাতি পৰিষদ আৰু চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ যৌথ উদ্যোগত এই গণ সমাৱেশৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই কয়,”ৰাজ্যৰ অন্যতম বৃহৎ সম্প্ৰদায় হোৱাৰ পিছতো আমি আটাইতকৈ বঞ্চিত হৈয়েই আছোঁ। বিজেপিয়ে আমাৰ সমৰ্থন ব্যৱহাৰ কৰি নিৰ্বাচনত জয়ী হৈছে, তথাপিও ন্যায় প্ৰদান কৰাত ব্যৰ্থ হৈছে।” তেওঁ অভিযোগ উত্থাপন কৰে যে, “ভূমিহীন চাহ শ্ৰমিকক আইনী অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।”
এচিএমএছ ডিব্ৰুগড়ৰ সম্পাদক নবীন চন্দ্ৰ কেওটে অভিযোগ কৰে যে, স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো চাহ জনজাতি আৰু আদিবাসীয়ে দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিনিটা মূল দাবী —এছ টিৰ মৰ্যাদা, দৈনিক নূন্যতম মজুৰি ৫৫১ টকা আৰু ভূমিৰ অধিকাৰ প্ৰদান নকৰিলে পৰিস্থিতি উত্তপ্ত হ’ব বুলি কয় তেওঁ।
ইফালে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পাঁচবাৰৰ কংগ্ৰেছ সাংসদ পৱন সিং ঘাটোৱাৰেও ৰাজ্য চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়ায়।