গুৱাহাটীত নিশা ভয়ংকৰ ভূমিস্খলনঃ শিলৰ হেঁচাত নিখোঁজ এজন, অব্যাহত উদ্ধাৰ অভিযান

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ানক ভূমিস্খলনৰ ঘটনা। মহানগৰীৰ ৰূপনগৰত সংঘটিত এই ভূমিস্খলনৰ ঘটনাত দুটা ঘৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে। নিৰুদ্দিষ্ট এই লোকজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

গুৱাহাটীত নিশা ভয়ংকৰ ভূমিস্খলনঃ শিলৰ হেঁচাত নিখোঁজ এজন, অব্যাহত উদ্ধাৰ অভিযান

ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান

Published: 

07 Jun 2025 | 11:36 AM

আন এক ভয়ানক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ ৰূপনগৰত সংঘটিত এই ভূমিস্খলনৰ ঘটনাত দুটা ঘৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে। যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই ভটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলনৰ ফলত পাহাৰৰ ওপৰৰ পৰা প্ৰকাণ্ড শিল দুটা পৰিয়ালৰ ঘৰৰ ওপৰত খহি পৰে আৰু ইয়াৰ ফলত দুয়োটা বাসগৃহ ধ্বংস হয়।

জানিব পৰা মতে, এই ভূমিস্খলনৰ ফলত বিনয় সিং আৰু ৰেণু বৰ্মন নামৰ ব্যক্তি দুগৰাকী বাসগৃহ ধ্বংস হৈছে। আনহাতে ঘটনাত নিৰুদ্দিষ্ট হৈ থকা লোকজনক মনেশ্বৰ ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। নিৰুদ্দিষ্ট মনেশ্বৰ ৰাজবংশী ৰেণু বৰ্মনৰ তোলনীয়া পুত্ৰ বুলি জানিব পৰা গৈছে। এতিয়াও ধ্বংসস্তুপত আবদ্ধ হৈ আছে লোকজনক উদ্ধাৰৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ভূমিস্খলনৰ ফলত হোৱা শব্দ শুনি উমান বুজি কিছুলোক নিৰাপদ স্থানলৈ আঁতৰি গৈছিল যদিও মনেশ্বৰ ৰাজবংশীয়ে এই শব্দ কিয় উদ্ভৱ হৈছে চাবলৈ ওলাই গৈছিল। কিন্তু সেই সময়তে ওপৰৰ পৰা বাগৰি অহা এক প্ৰকাণ্ড শিলে তেওঁক হেঁচা মাৰি ধৰে। ইয়াৰ পিছৰ পৰা সন্ধান ওলোৱা নাই মনেশ্বৰ ৰাজবংশীৰ।

সম্প্ৰতি ভূমিস্খনলস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু অসম আৰক্ষীৰ দলে উদ্ধাৰ অভিযান চলাই হৈছে। খহি অহা শিল ভাঙিবলৈ উদ্ধাৰকাৰী দলটোৱে ড্ৰিলিং মেচিনো ব্যৱহাৰ কৰিছে। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ইতিপূৰ্বে গুৱাহাটী মহানগৰীত নেৰানেপেৰা বানে সৃষ্টি কৰা কৃত্ৰিম বানৰ সমান্তৰালকৈ ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছিল। গুৱাহাটীৰ খাৰঘূলি, চপাইদাং, কামাখ্যা, দাতালপাৰা, মালিগাঁও আদি অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত এটি শিশুসহ ৫ জন লোকে প্ৰাণ হেৰুৱাইছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...