পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই পত্নীক হত্যা, নিজেই আৰক্ষী চকীত উপস্থিত হ’ল স্বামী!

মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, প্ৰায়েই সুৰাপান কৰি স্বামীয়ে অত্যাচাৰ চলাইছিল পত্নীৰ ওপৰত। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ।

পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই পত্নীক হত্যা, নিজেই আৰক্ষী চকীত উপস্থিত হল স্বামী!

পুত্ৰৰ সমুখতে পত্নীক দাৰে ঘপিয়াই হত্যা!

Published: 

20 Oct 2024 | 10:23 AM

দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। শাহু আৰু পুত্ৰৰ সমুখতে দাৰে ঘপিয়াই পত্নীক হত্যা কৰিলে স্বামীয়ে তাৰ পাছত হাতত দা লৈ বিজয়নগৰ আৰক্ষী চকীত উপস্থিত হয় অভিযুক্ত স্বামী কুশল ঠাকুৰীয়া। বৰ্তমান পলাশবাৰী আৰক্ষী থানালৈ লৈ অনা হৈছে স্বামী কুশল ঠাকুৰীয়াক। দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, প্ৰায়েই সুৰাপান কৰি স্বামীয়ে অত্যাচাৰ চলাইছিল পত্নীৰ ওপৰত। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ। এই হত্যাকাণ্ডৰ লগত জড়়িত থকাৰ সন্দেহত মহিলাগৰাকীৰ শাহুৱেক অৰ্থাৎ অভিযুক্ত কুশল ঠাকুৰীয়াৰ মাতৃকো নিশাই আটক কৰিছে আৰক্ষীয়ে। হত্যাকাৰী কুশল ঠাকুৰীয়াই মাজপাৰা অঞ্চলটোত দীৰ্ঘদিন ধৰি হাই-কাজিয়াত লিপ্ত হৈ থকাৰো অভিযোগ উত্থাপিত হৈছে।

ইফালে ডিমৰীয়াৰ হঁহৰাতো সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ভিনিয়েকৰ ছুৰিকাঘাতত প্রাণ গ’ল খুলশালিয়েকৰ। খুলশালিয়েক ধর্মেন্দ্র মেধিক ছুৰীৰে হানি-খুঁচি হত্যা। হত্যাত অভিযুক্ত ডিম্বেশ্বৰ বণিয়াক আটক আৰক্ষীৰ। ধর্মেন্দ্ৰ মেধিৰ ঘৰৰ চোতালতেই সংঘটিত এই ঘটনা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সোণাপুৰ আৰক্ষীয়ে।

শুকুৰবাৰে নিশাৰ মহানগৰীতো সংঘটিত হৈছে এনে এক ভয়ংকৰ ঘটনা। প্ৰেমিকাক হত্যাৰ চেষ্টা প্ৰাক্তন প্ৰেমিকৰ। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই প্ৰেমিকাক ছুৰীৰে পেট আৰু ডিঙিত আক্ৰমণ। অভিযুক্ত বিকাশ ডেকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

কিছু দিন পূৰ্বে মাৰ্ঘেৰিটাত ৫ বছৰীয়া কণমানি পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা নিজ মাতৃৰ। পুত্ৰক হত্যা কৰাৰ কথা নিজ মুখে স্বীকাৰ হত্যকাৰী মাতৃৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুপ্ৰিয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক।

এতিয়া এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। প্ৰশ্ন উত্থাপন হৈছে-কিহৰ বাবে ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ লৈছে এনেবোৰ ঘটনা। নিচা নে আন কিবা কাৰণ? কিয় আইনলৈ ভয় নকৰে এনে অপৰাধীয়ে? তেওঁলোকে লাভ কৰা শাস্তি পৰ্যাপ্ত নহয় নেকি?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...