মাধৱদেৱৰ তিৰোভাৱ তিথি কেতিয়া? জানক দিনটোৰ ইতিহাস, গুৰুত্ব আদি সকলো…
কাইলৈ সমগ্ৰ ৰাজ্যই পালন কৰিব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ইতিমধ্যে ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰস্তুতি। এই দিনটোত ৰাজ্যক চৌদিশ হৰিনামেৰে মুখৰিত হ'ব।

মাধৱদেৱৰ তিথি
১২ ছেপ্টেম্বৰ, ২০২৫ ত সমূহ ৰাজ্যবাসীয়ে পালন কৰিব শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ইয়াকে লৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। কাইলৈৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত নাম-প্ৰসংগ, মাধৱদেৱৰ গুনাণু কীৰ্তন কৰিব ৰাইজে। এইবাৰ ৰাইজে গুৰুজনাৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন কৰিব। এই দিনটোৰ হৰিনামেৰে মুখৰিত হ’ব ৰাজ্যৰ চৌদিশ।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল ১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰীত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দ আৰু মাতৃৰ নাম আছিল মনোহৰী আই। তথ্য অনুসৰি মহাপুৰুষ মাধৱদেৱে বাণ্ডুকাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালাত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। মাত্ৰ এবছৰ শিক্ষা লাভ কৰিয়েই তেওঁ ব্যাকৰণ, পুৰাণ, ভাগৱত আদি নানা শাস্ত্ৰ আয়ত্ব কৰিছিল।
কোৱা হয়, মাধৱদেৱ প্ৰথমে শাক্ত ধৰ্মৰ আছিল। প্ৰবাদ অনুসৰি, এবাৰ দুৰ্গা পূজাৰ সময়ত মাধৱদেৱে ছাগলী দুটা আনিবলৈ ভনীজোঁৱায়েক ৰামদাসক আহ্বান কৰিছিল। কিন্তু এই ৰামদাসে ইতিমধ্যেই শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল, যাৰ বাবে এই আহ্বান তেওঁ নাকচ কৰে। এই কথাত মাধৱদেৱৰ বহুত খং উঠে আৰু তেওঁৰ ককৰ্থনা কৰে। উত্তৰত ৰামদাসে বলি-বিধান অপ্ৰয়োজনীয় বিষয় বুলি তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও সফল নহয়। তাৰ পাছত তেওঁক শংকৰদেৱৰ ওচৰলৈ যোৱাৰ কথা কয়। সেই অনুসৰি পাছদিনা মাধৱদেৱে ৰামদাসৰ সৈতে শংকৰদেৱৰ ওচৰলৈ যায়।
তাৰ পাছতে শংকৰদেৱ-মাধৱদেৱৰ মাজত তৰ্ক-বিতৰ্ক হয়। কিন্তু দীৰ্ঘ সময় ধৰি চলা বিতৰ্কৰ অন্তত মাধৱদেৱে হাৰ মানি শংকৰদেৱৰ ওচৰত একশৰণ নাম ধৰ্ম গ্ৰহণ কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। তাৰ পাছতে মাধৱদেৱ শংকৰদেৱৰ অতি ঘনিষ্ঠ তথা প্ৰিয় শিষ্য হৈ পৰিছিল। শংকৰে মাধৱক মৰমতে বঢ়াৰপো বুলি সম্বোধন কৰিছিল।
ইয়াৰ পাছতো দুয়ো অধিক সময় একেলগে থাকি ধৰ্ম প্ৰচাৰ কৰিছিল। কোৱা হয়, শংকৰদেৱে নিজৰ সন্তানতকৈ মাধৱদেৱক বেছি মৰম কৰিছিল। শংকৰদেৱৰ পৰলোকগমনৰ আগে আগে পুত্ৰ ৰামানন্দই পিতৃৰ পৰা “তোমাৰ পৰা মই একো নাপালোঁ’’ বুলি কৈছিল। তাৰ উত্তৰত শংকৰদেৱে কৈছিল, “মোৰ গুণ, যশ, বল-পৰাক্ৰম, শক্তি, ভক্তি সকলো মাধৱক দিয়া আছে। তেওঁৰ আৰু মোৰ মাজত কোনো প্ৰভেদ নাই। যি লাগে তেওঁৰ পৰাই লৈ ল’বা”।
তাৰ পাছতে মাধৱদেৱে শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ বৈষ্ণৱ ধৰ্ম আগবঢ়াই নিছিল। পাছত মাধৱদেৱে বহু সত্ৰ স্থাপন কৰাৰ লগতে সাহিত্যৰো সৃষ্টি কৰিছিল। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয়। এই মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। ইয়াৰোপৰি তেওঁ বৰগীত, ভটিমা, নাট আদি ৰচনা কৰিছিল। মাধৱদেৱে প্ৰায় ২৪০ টা বৰগীত ৰচনা কৰিছিল। অৱশ্যে বৰ্তমান এইসকলো বৰগীত উপলব্ধ নাই।
মাধৱদেৱে ৰচনা কৰি যোৱা কীৰ্তিসমূহৰ ভিতৰত আছে, আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, জন্ম ৰহস্য, ভক্তি ৰন্তাৱলী, নাম-মালিকা, নামঘোষা, আদি। এনেকৈ ধৰ্ম, সাহিত্য-সংস্কৃতি আদিৰ প্ৰতি অৱদান আগবঢ়াই মাধৱদেৱে মৃত্যুবৰণ কৰিছিল। উল্লেখ্য যে, ১৫১৮ শকৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথিত ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত তেওঁ প্ৰাণত্যাগ কৰে।
অন্য খবৰ পঢ়ক- ধুবুৰীত অপ্ৰীতিকৰ ঘটনা! দুই আৰক্ষী বিষয়াক নিলম্বন আৰু ৰিজাৰ্ভ ক্ল’জ, তদন্তৰ আওতালৈ SSP লীনা দলে…