বিদেশী সমস্যাকলৈ সৰৱ লুৰীণজ্যোতি গগৈ, কি ক’লে ?

ৰাজ্য চৰকাৰে বলপূৰ্বকভাবে কা আইন বলৱৎ কৰিবলৈ বিচৰাৰ লগতে শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে বিদেশীক একপ্ৰকাৰে বৰপীৰা পাৰি দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে৷

বিদেশী সমস্যাকলৈ সৰৱ লুৰীণজ্যোতি গগৈ, কি কলে ?

লুৰীণজ্যোতি গগৈ

Published: 

06 Sep 2025 | 07:15 PM

ৰাজ্যখনত বিদেশী সমস্যাকলৈ চৰ্চা অব্যাহত থকাৰ মাজতে নিজৰ স্থিতি স্পষ্ট কৰি আহিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। এই বিষয়টোত এইবাৰ পুনৰ সৰৱ হ’ল অজাপৰ সভাপতিগৰাকী। ৰাজ্য চৰকাৰে বলপূৰ্বকভাবে কা আইন বলৱৎ কৰিবলৈ বিচৰাৰ লগতে শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে বিদেশীক একপ্ৰকাৰে বৰপীৰা পাৰি দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে গগৈয়ে৷

এই সন্দৰ্ভত কঠোৰ ভাষাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে গগৈয়ে। তেওঁ কয়, “জাতিৰ সংকটৰ দোহাই দি মুখ্যমন্ত্ৰীয়ে নিজৰ সংকট মোচন কৰিবলৈকে এনে কৰ্মকাণ্ডত সহযোগ কৰিছে।” লগতে দিল্লীৰ ওচৰত আঁঠু ল’বলৈ বাধ্য হোৱা বুলিও মুখ্যমন্ত্ৰীক কটাক্ষ কৰে লুৰীণজ্যোতি গগৈয়ে।

তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত অনুষ্ঠিত দলৰ সাংগঠনিক সভাত অংশ লৈ সভাপতি লুৰীণজ্যোতি গগৈয়ে শেহতীয়া মাদানী প্ৰসংগত কয়, “ৰাজ্যৰ জ্বলন্ত সমস্যাৰ পৰা মানুহৰ দৃষ্টি আঁতৰাবলৈকে নিজ ইচ্ছা অনুসৰি মুখ্যমন্ত্ৰীয়ে মাদানীৰ দৰে সাম্প্ৰদায়িক চৰিত্ৰক আমদানি কৰিছে।” ইয়াৰ দ্বাৰা ৰাজ্যত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰ বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে।

আনহাতে, BTR নিৰ্বাচনৰ প্ৰসংগত লুৰীণজ্যোতিয়ে কয় যে,আঞ্চলিক ৰাজনৈতিক শক্তিক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে নিঃশেষ কৰাৰ যি পৰিকল্পনা সেয়া নতুন কথা নহয়৷

তেওঁ কয়, “হাগ্ৰামা মহিলাৰী পূৰ্বে বিজেপিৰ লগত আছিল, তেওঁক সংকটত পেলালে বিজেপিয়ে। এতিয়া প্ৰমোদ বড়ো সংকটত পৰিছে। বিজেপিয়ে বৰ্তমানৰ আঞ্চলিক চৰিত্ৰ নাইকীয়া কৰি কেন্দ্ৰীভূত এটা চিন্তা জাপি দিব বিচাৰিছে।” যিমান চেষ্টা কৰিলেও আঞ্চলিকতাবাদ জীয়াই থাকিব বুলি দাবী কৰে লুৰীণজ্যোতি গগৈয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...