কলকাতাৰ উত্তেজনাৰ পৰা গৌৰৱ গগৈৰ পাকিস্তান লিংকলৈ…দিনটোৰ খবৰ পঢ়ক

পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত তেজপুৰত এইবাৰ গ্ৰেপ্তাৰ হৈছে ভাৰতীয় বায়ুসেনাৰ এজন প্ৰাক্তন কৰ্মচাৰী। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

কলকাতাৰ উত্তেজনাৰ পৰা গৌৰৱ গগৈৰ পাকিস্তান লিংকলৈ...দিনটোৰ খবৰ পঢ়ক

দিনটোৰ খবৰ

Updated On: 

13 Dec 2025 20:13 PM

আজি কলকাতাৰ ছল্টলেকত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি। এক অনুষ্ঠানত অংশ ল’বলৈ যুৱভাৰতী ক্ৰীড়াংগনত উপস্থিত হৈছিল ফুট বলৰ কিংবদন্তি লিয়নেল মেছি। পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত তেজপুৰত এইবাৰ গ্ৰেপ্তাৰ হৈছে ভাৰতীয় বায়ুসেনাৰ এজন প্ৰাক্তন কৰ্মচাৰী। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

১. আজি কলকাতাৰ ছল্টলেকত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি। এক অনুষ্ঠানত অংশ ল’বলৈ যুৱভাৰতী ক্ৰীড়াংগনত উপস্থিত হৈছিল ফুট বলৰ কিংবদন্তি লিয়নেল মেছি। হাজাৰ হাজাৰ লোকে টিকট কাটিও মেছিক চাবলৈ নোপোৱাত ষ্টেডিয়াম লণ্ডভণ্ড কৰে। মাত্ৰ ৫ মিনিটৰ বাবেহে ফিল্ডত মেছিক দেখিবলৈ পাইছিল দৰ্শকে।

২. পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত তেজপুৰত এইবাৰ গ্ৰেপ্তাৰ হৈছে ভাৰতীয় বায়ুসেনাৰ এজন প্ৰাক্তন কৰ্মচাৰী। আৰক্ষীৰ সূত্ৰ অনুসৰি দীৰ্ঘদিন ধৰি পাকিস্তানৰ সৈতে যোগাযোগত আছিল কুলেন্দ্ৰ শৰ্মা নামৰ লোকজন। পাকিস্তানক গোপন তথ্য যোগানৰ অভিযোগত শৰ্মাৰ বিৰুদ্ধে।

৩. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভ এছ আই টিয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ওপৰত আস্থা প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাৰ্গৰ সমাধিত বন্তি জ্বলাই দোষীৰ উপযুক্ত শাস্তি বিচাৰিলে শিল্পীগৰাকীৰ পত্নীয়ে। অসম আৰক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা বুলি জনালে গৰিমা গাৰ্গে।

৪. গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত নতুন তথ্য সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চলিত মাহৰ শেষৰ ফালে বা নতুন বছৰৰ আৰম্ভণিতে এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। এছ আই টিৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য থকা বুলি জনাইছে ডঃ শৰ্মাই।

৫. পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান। এইবাৰ নগাঁও জিলাৰ ধিঙত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ইতিমধ্যে বেদখলকাৰীক ঠাই খালী কৰিবলৈ জাৰী কৰা হৈছে জাননী। উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন।

৬. কলকাতাত লিয়নেল মেছিৰ অনুষ্ঠানত হোৱা ব্যাপক বিসংগতিৰ পিছতেই আৰক্ষীয়ে আটক কৰিছে অনুষ্ঠানৰ উদ্যোক্ত শতদ্ৰু দত্তক। পশ্চিম বংগ আৰক্ষীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰে জানিবলৈ দিছে এই কথা। সমগ্ৰ বিষয়টোৰ তদন্তৰ পাছত আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াজনে।

৭. দুৰ্নীতিত জড়িত থকাৰ অভিযোগত অসম ক্ৰিকেট সন্থাই নিলম্বন কৰিছে চাৰিগৰাকীকৈ খেলুৱৈক। এই কেইগৰাকী খেলুৱৈ হৈছে অমিত সিনহা, ঈশান আহমেদ, অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰী। বিভিন্ন পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা চাৰিওজন খেলুৱৈয়ে লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মুস্তাক আলী ট্ৰফীত অংশগ্ৰহণ কৰা বৰ্তমানৰ অসম দলৰ একাংশ খেলুৱৈক উচটনি দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

৮. বিহালীত আদিবাসী ছাত্ৰসন্থাৰ প্ৰতিবাদ। শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা এগৰাকী কিশোৰীক ন্যায় প্ৰদানৰ দাবীৰে এই প্ৰতিবাদ কৰে সংগঠনটোৱে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন নিৰ্দোষী লোকক গ্ৰেপ্তাৰ কৰাক লৈও ক্ষোভ প্ৰকাশৰ লগতে মানহানিৰ ক্ষতিপূৰণৰ দাবী তোলে ছাত্ৰ সংগঠনটোৱে।

৯. কালিলৈ ধৰমশালাত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তৃতীয়খন টি-২০ মেচ। ইয়াৰ পূৰ্বে প্ৰথমখন মেচত ভাৰত জয়ী হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত জয়লাভ কৰে দঃ আফ্ৰিকাই। বৰ্তমানলৈকে ১-১ ত শৃংখলাত সমতা স্থাপন দল দুটাৰ।

বৃদ্ধি নহয় ব্লাড চুগাৰ! খাদ্য খোৱাৰ পূৰ্বে কৰক এই কাম...
ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
হ্ৰাস পাব বৃক্ক ৰোগৰ সম্ভাৱনা! মাত্ৰ খাবলৈ আৰম্ভ কৰক এই ৫বিধ খাদ্য...
ৰাষ্ট্ৰপতি পুটিনৰ দেশ ৰাছিয়াত হিন্দুৰ সংখ্যা কিমান ?
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা