ৰাজ্যত ভূমিস্খলনৰ প্ৰকোপঃ বাতিল কেইবাখনো ৰে’ল, যাতায়ত-পৰিবহনতো বিঘিনি

জাতিংগা-লামপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ধাৰাবাহিক ভূমিস্খলনৰ ফলত ৰাজ্যৰ ৰে’ল সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। এনে পৰিস্থিতিত উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইখনমান ৰে’ল বাতিল কৰাৰ লগতে আন কেইখনমান ৰে’লৰ সময় সলনি কৰিছে।

ৰাজ্যত ভূমিস্খলনৰ প্ৰকোপঃ বাতিল কেইবাখনো ৰে’ল, যাতায়ত-পৰিবহনতো বিঘিনি

ৰাজ্যত ভূমিস্খলনৰ প্ৰকোপ

Published: 

24 Jun 2025 | 11:34 AM

ৰাজ্যৰ ভিন্ন স্থানত শেহতীয়া দুদিনত দেখা গৈছে বৰষুণৰ প্ৰকোপ। নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগা-লামপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ধাৰাবাহিক ভূমিস্খলনৰ ফলত ৰাজ্যৰ ৰে’ল সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। এনে পৰিস্থিতিত উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইখনমান ৰে’ল বাতিল কৰাৰ লগতে আন কেইখনমান ৰে’লৰ সময় সলনি কৰিছে। ৰে’লৱে বিষয়াসকলে জানিবলৈ দিয়া মতে, গোটেই নিশা হোৱা বৰষুণৰ পিছত ভূমিস্খলনৰ ফলত ওপৰৰ পৰা বাগৰি অহা শিল আৰু বোকাই ৰে’লপথ ঢাকি পেলোৱাৰ ফলত ৰে’লপথটো অসুৰক্ষিত হৈ পৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, ভূমিস্খলনৰ ফলত লামডিং–বদৰপুৰ পাহাৰীয়া অংশৰ ওপৰেৰে ৰে’ল সেৱা বন্ধ কৰি দিয়া হৈছে। ৰে’লৱেৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, অঞ্চলটোত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চলাই থকা পথ নির্মাণৰ কামৰ ফলত পথ আৰু ৰে’ল লাইনৰ মাজৰ তলৰ ফালে থকা ঢালটো বিকল হৈ পৰে। এনে পৰিস্থিতিত ওপৰৰ অংশৰ পৰা মাটি আৰু শিল ৰে’লপথটোত বাগৰি পৰে।

ৰে’লৰ চলাচলৰ বাবে এই স্থান অসুৰক্ষিত হিচাপে গণ্য কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই অংশটোৰ জৰিয়তে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো সেৱা বন্ধ কৰি দিছে। এই সিদ্ধান্তৰ ফলত অসমকে ধৰি মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা ৰে’লসেৱাত ব্যাপক প্ৰভাৱ পৰিছে। ইতিমধ্যে ৰে’লৱেই কেইখনমান ৰে’লৰ চলাচল বাতিল ঘোষণা কৰিছে।

বাতিল কৰা ৰে’লঃ

১৫৬১৫ গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ

১৫৬১১ ৰঙিয়া–শিলচৰ এক্সপ্ৰেছ

১৫৬১৭ গুৱাহাটী–দুলাবচেৰা এক্সপ্ৰেছ

১৫৬১২ শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ

১৫৬১৮ দুলাবচেৰা–গুৱাহাটী এক্সপ্ৰেছ

০৫৬৩৭ নাহৰলগুন–শিলচৰ স্পেচিয়েল

১২৫০৪ আগৰতলা–এছ এম ভি বি (বেংগালুৰু) এক্সপ্ৰেছ

১৪০৩৭ শিলচৰ–নতুন দিল্লী এক্সপ্ৰেছ

আংশিকভাৱে চলাচল কৰা ৰে’লসেৱাঃ

০৫৬৩৮ শিলচৰ–নাহৰলগুন স্পেচিয়েল (নিউ হাৰংগাজাওলৈ)

১২৫১৩ চৰ্লাপল্লী–শিলচৰ এক্সপ্ৰেছ (লামডিঙলৈ)

১২৫০১ কলকাতা-আগৰতলা গৰিব ৰথ এক্সপ্ৰেছ (গুৱাহাটীলৈ)

২০৫০১ আগৰতলা–আনন্দ বিহাৰ তেজস এক্সপ্ৰেছ (বদৰপুৰলৈ)

১২৫১৯ লোকমান্য তিলক টাৰ্মিনাছ–অগৰতলা এক্সপ্ৰেছ (গুৱাহাটীলৈ)

১৩১৭৫ ছিয়ালদাহ–শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ (লামডিঙলৈ)

ইফালে ১৩১৭৪ ছাব্ৰুম–ছিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ছাব্ৰুম আৰু লামডিঙৰ মাজত বাতিল হৈ থাকিব। অৱশ্যে নিৰ্ধাৰিত সময়ত লামডিং আৰু ছিয়ালদাহৰ মাজত চলাচল কৰিব ৰে’লখন। আনহাতে ১৪০৩৭ শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ কালিৰ পৰিৱৰ্তে আজি পুৱা ৬:০০ বজাত চলাচলৰ সিদ্ধান্ত লোৱা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...