বানৰ লগতে গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন, ৫ গৰাকীয়ে হেৰুৱালে প্ৰাণ

গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে জাৰী কৰা হৈছে ৰেড এলাৰ্ট ।

বানৰ লগতে গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন, ৫ গৰাকীয়ে হেৰুৱালে প্ৰাণ

গুৱাহাটীত কৃত্ৰিম বান

Updated On: 

31 May 2025 12:22 PM

ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰ । শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ৰাজপথত সাগৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হয় । ৰাজপথতেই আবদ্ধ হ’ব লগীয়া হয় অফিচ-কাছাৰী, স্কুল-কলেজলৈ যোৱা লোকসকল । তাৰ মাজতেই গুৱাহাটীৰ একাধিক স্থানত সংঘটিত হয় ভূমিস্খলনৰ ঘটনাও । প্ৰাপ্ত তথ্য মতে গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে জাৰী কৰা হৈছে ৰেড এলাৰ্ট ।

গুৱাহাটীত কৃত্ৰিম বান

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ খাৰঘূলি, চপাইদাং, কামাখ্যা আদিত ভূমিস্খলন সংঘটিত হৈছে । খাৰঘূলিৰ চপাইদাঙত পাহাৰৰ পৰা খহি অহা মাটি আৰু শিল-বালিয়ে হেঁচা মাৰি ধৰাত পুনম গোস্বামী আৰু নীলাক্ষী গোস্বামী নামৰ মাতৃ-কন্যাই প্ৰাণ হেৰুৱাইছে । সেই অঞ্চলতে ভূমিস্খলনৰ ফলত ৰঞ্জিতা বড়ো নামৰ এগৰাকী ৫ বছৰীয়া কণমানিয়েও মৃত্যুক সাৱটি লয় ।

দাতালপাৰা অঞ্চলতো আন এজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । দীপজ্যোতি বড়ো নামৰ লোকজনৰ ঘৰখন ভূমিস্খলনৰ ফলত ধ্বংস হোৱাৰ লগতে তেওঁ মৃত্যুক সাৱটি লয় । ইফালে, মালিগাঁৱতো ভূমিস্খলনৰ ফলত এজন লোকৰ মৃত্যু হয় । স্বাগত হাস্পতালৰ সমীপত পাহাৰৰ মাটি খহি হেঁচা মাৰি ধৰাত আহত হয় ৰবিন দাস নামৰ লোকজন । তেওঁক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে ।

গুৱাহাটীৰ ৰাজপথত সাগৰ সদৃশ পৰিস্থিতি

বানৰ ফলত কামাখ্যা, খাৰঘুলি, গড়চুক, চন্দ্ৰপুৰ, বোণ্ডা, নুনমাটিকে ধৰি চহৰখনৰ কেইবাটাও অঞ্চলত ব্যাপক ধ্বংসলীলা হৈছে । ভূমিস্খলনৰ ফলত বহুতৰে ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতি সাধন হৈছে ।

উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে জৰুৰীকালীন দল আৰু দুৰ্যোগ সঁহাৰি কৰ্মী নিয়োগ কৰা হৈছে । প্ৰভাৱিত অঞ্চলত বাস কৰা বাসিন্দাসকলক তৎকালীনভাৱে ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই । বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে, আৰু ক্ষতিগ্ৰস্ত স্থানীয় অঞ্চলসমূহৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ।

ৰাইজক অপ্ৰয়োজনীয়ভৱে ঘৰৰ পৰা ওলাই নাহিবলৈ নিৰ্দেশ

প্ৰবল বৰষুণ অব্যাহত থকাৰ আগজাননী প্ৰদান কৰা হৈছে । বিভাগীয় বিষয়াসকলে পাহাৰৰ ঢাল আৰু নগৰীয়া নিষ্কাশন ব্যৱস্থাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে যাতে অধিক ক্ষতি ৰোধ কৰিব পৰা যায় ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অঞ্চলটোৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি অনাগত দিনত আৰু অধিক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বাঢ়নী পানীৰ সতৰ্কবাণী প্ৰকাশ কৰিছে ।

নিশা বাৰে বাৰে টোপনি ভাঙি যায় নেকি? জানক ইয়াৰ আঁৰৰ কাৰণ...
গৰমৰ দিনত বৃদ্ধি পায় চকুৰ সংক্ৰমণ, এই সমস্যা ৰোধ কৰাৰ উপায় জানক...
আই পি এল ২০২৫ৰ মাজতে ক্ৰিকেটপ্ৰেমীলৈ দুখৰ খবৰ, অৱসৰ ল’লে এই ৫ তাৰকাই..
নিশা ডাঙৰকৈ গান লগালে বা হুলস্থুল কৰিলে কি শাস্তি হ’ব পাৰে জানেনে? চাওক আইনী নিয়ম