নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত একনাম অখণ্ড কীৰ্তন আৰম্ভ, দেশ–বিদেশৰ ১০৭খন শাখা সেৱাশ্ৰমে লৈছে অংশ
ভক্তিৰসত বিলীন হ'বলৈ অসম তথা অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ ভকত সকল আৰু আই মাতৃ সকল উপস্থিত হৈছে বৰপেটা জিলাৰ নসত্ৰত। আজি পুৱা ৬ বজাৰ পৰা ১ ফেব্ৰুৱাৰীলৈ বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰম্ভ হ'ল একনাম অখণ্ড কীৰ্তন।

আজি উদুলি মুদুলি কৃষ্ণগুৰু সেৱাশ্ৰমৰ বাকৰি। আজিৰে পৰা আৰম্ভ হ’ল নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত একনাম অখণ্ড কীৰ্তন। পুৱা ৬ বজাত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে শ্ৰীমদভাগৱত সাৰ প্ৰতিষ্ঠা কৰি আৰম্ভ কৰে একনাম কীৰ্তন। ভক্তিৰসত বিলীন হ’বলৈ অসম তথা অসমৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ ভকত সকল আৰু আই মাতৃ সকল উপস্থিত হৈছে বৰপেটা জিলাৰ নসত্ৰত।
আজি পুৱা ৬ বজাত আৰম্ভ হোৱা এই একনাম অখণ্ড কীৰ্তন ১ ফেব্ৰুৱাৰীত অন্ত পৰিব। বৰপেটা জিলাৰ নসত্ৰত অৱস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত বহু বছৰৰ পৰা এই একনাম অখণ্ড কীৰ্তন চলি আহিছে। বিশ্ব শান্তিৰ বাবে ১২ দিনীয়াকৈ এই কীৰ্তন কৰা হয়।
এইবাৰ দেশ-বিদেশৰ ১০৭ খন শাখা সেৱাশ্ৰমে ভাগ লয় এই একনাম অখণ্ড কীৰ্ত্তনত। পৰম্পৰা ৰক্ষা কৰি কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কালৰে পৰা প্ৰতিবছৰে চলিএই একনাম অখণ্ড কীৰ্তন চলি আহিছে। আৰম্ভণি কালত বছৰে ৩ দিনীয়াকৈ, কালক্ৰমে ৫ দিনীয়া, ৭ দিনীয়া আৰু বৰ্তমান ১২ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়।
আজি পুৱা কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে সাৰ প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠা কৰি বন্তি প্ৰজ্জ্বলন কৰে। তাৰ পাছতেই গুৰুৰ পুত্ৰ গুৰুকৃষ্ণ ৰামানন্দই আৰম্ভণি কৰে ১২ দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ। সমান্তৰালকৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ অংশ সূৱৰ্ণকুৰত ১২ দিনেই চলিব অখণ্ড ভাৱে ভাগৱত পাঠ। ইয়াৰ লগত সংগতি ৰাখি প্ৰতিদিনেই দুপৰীয়া ভকত সকলৰ মাজত ধৰ্মালোচনী সভা আৰু গধুলি ভক্তিমূলক সংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। উল্লেখ্য ১২ বছৰৰ মূৰত এই একনাম অখণ্ড কীৰ্ত্তন এমহীয়া কৈ অনুস্থিত কৰা হয়।